মঙলদৈ, ১১ জুলাইঃ আজি ধূলা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাখ ঙাটেৰ সভাপতিত্বত নিচাযুক্ত ঔষধ আৰু ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ বিৰোধী আৰু সমাজত এনে সামগ্ৰীৰ কুপ্ৰভাৱ বিষয়ক এক সজাগতা সভা অনুষ্ঠিত হয়। জিলা সমাজ কল্যাণ বিভাগ আৰু দৰঙ জিলা প্ৰশাসনে এই সজাগতা সভাৰ আয়োজন কৰিছিল। 

ইয়াৰ পূৰ্বে আজি পুৱা ৭.১৫ বজাত ধূলা আৰক্ষী থানাৰ পৰা মঙলদৈৰ মেনাপাৰা পেট্ৰ’ল পাম্পলৈকে এক সজাগতামূলক মাৰাথন দৌৰৰ আয়োজন কৰা হয়। নিচাযুক্ত ঔষধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই মাৰাথন দৌৰত মঙলদৈ মহাবিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয় আৰু খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰই অংশগ্ৰহণ কৰিছিল। আজিৰ সভাত এই মাৰাথন দৌৰৰ বিজয়ীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। 

আজিৰ এই সভাত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ইমা দাস, ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, মঙলদৈ মাদকদ্রব্য নিবাৰণী পৰিষদৰ সচিব অৰুণ বৰুৱা, গাঁওৰক্ষী বাহিনীৰ প্ৰতিনিধি, আবকাৰী , শিক্ষা আৰু আৰক্ষী বিভাগৰ বিষয়া- কৰ্মচাৰী, স্বেচ্ছাসেৱী ছাত্ৰ, সংহত শিশু বিকাশ প্ৰকল্পৰ বিষয়ববীয়া আৰু ছাত্ৰ- ছাত্ৰী আদি উপস্থিত আছিল।