দৰঙত কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰা।

দৰঙৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি যাত্ৰা আৰম্ভ কৰে কংগ্ৰেছ দলে ।

 *মঙলদৈৰ চৰকাৰ চক* ৰ পৰা টাংনি চাৰিআলিলৈ এক বিশাল শোভাযাত্ৰা আয়োজন কৰে ।

শোভাযাত্ৰাৰ পূৰ্বে এখন সভাও অনুষ্ঠিত কৰে।

সভাত স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে।

স্বাধীনতাৰ গৌৰৱ যাত্ৰাত অংশগ্ৰহণ কৰি ভূপেন বৰাই বৰ্তমানৰ চৰকাৰ খনক তীব্ৰ কাটাক্ষ কৰে ।

এতিয়া দেশ শাসন কৰাৰ নামত বিভেদৰ বীজ সিঁচা বুলি চৰকাৰক দোষাৰোপ কৰে তেওঁ ।

গৌৰৱ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মিৰা বৰঠাকুৰ, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসকে ধৰি প্ৰায় তিনি হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে ।