বৰহাটৰ ঐতিহাসিক ধোদৰ আলি টিট্ লাগড় পাঁচ আলি- লালপাগুৰি সংযোগী পথটো গড়কাপ্টনী বিভাগৰ চূড়ান্ত গাফিলতিত বিধ্বস্ত 

গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নামত চৰকাৰে যিমানেই ঢাক ধোল নবজাক কিয় কিন্তু বাস্তৱ ক্ষেত্ৰত সম্পূৰ্ণ এখন ওলটা চবি প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে বাৰিষাৰ পথম জাক বৰষুণতে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ সাপেখাতি উন্নউন খণ্ডৰ আহুখাত গাওঁ পঞ্চায়তৰ অন্তৰ্গত টিট্ লাগ পাঁচ আলিৰ পৰা লাল পাগুৰি দলং হৈ নামৰূপ সংযোগী প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক ধোদৰ আলিটো গড়কাপ্টনী বিভাগৰ চূড়ান্ত গাফিলতিত দিনক দিনে শোচনীয় দিশলৈ পতিত হোৱা পৰিলক্ষিত হৈছে। এই পথটি বৰ্তমান এটা গো বাটলৈ পৰিণত হৈছে। সৃষ্টি হৈছে পুখুৰী সদৃশ "দ' গাঁতৰ,, যাৰ বাবে এতিয়া পথ চাৰিয়ে ভুগিব লগা হৈছে যমৰ যাতনা। এক প্ৰকাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীয়ে ভোগ কৰিছে নৰকৰ যাতনা।

বহু বাৰ স্থানীয় ৰাইজে বিগত চৰকাৰৰ লগতে বৰ্তমান চৰকাৰৰ বিধায়কৰ লগতে সাংসদ তপন কুমাৰ গগৈক এই পথটি নিৰ্মাণৰ বাবে বহু বাৰ আবেদন কৰিছে যদিও আজি পৰ্যন্ত পথটো নিৰ্মাণ নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। লগতে টাইপা,চৰাইদেউ জিলা সমিতি তথা আটাছু বৰহাট আঞ্চলিক সমিতিয়ে অচিৰেই পথটো পকীকৰণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।