আজি সমগ্ৰ ৰাজ্যতে মুকলি কৰা হ'ল ১০০০ খন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ। ৰাজ্যখনৰ মহিলা আৰু শিশুৰ সৰ্বাংগীণ বিকাশৰ নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰসমূহ আনুষ্ঠানিকভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে। ইফালে ৰাজ্যজুৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ উদ্বোধনী কাৰ্যসূচীৰ অংশ হিচাপে আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত গোৱালা-পতি আৰু পোহাৰী খনিয়া গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰকেইটাৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্য চৰকাৰৰ “সোণালী শৈশৱ বিকশিত অসম” আঁচনিৰ অধীনত উন্নত মানৰ আন্তঃগাঁথনিৰে এনে কেন্দ্ৰ নিৰ্মাণ কৰা অসমেই হৈছে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য। শিশু আৰু মহিলাৰ পৰিপুষ্টি তথা সৰ্বাংগীণ বিকাশত বিশেষ ভূমিকা পালন কৰিবলগীয়া এই আটকধুনীয়া কেন্দ্ৰসমূহ জ্ঞানৰ দুৱাৰ মুকলিৰ নতুন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে মন্ত্ৰী অতুল বৰাই।

এই উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ প্ৰমুখ্যে সমাজ কল্যাণ বিভাগ, জিলা প্ৰশাসনৰ বিষয়াসকল, অভিভাৱক, শিশু তথা স্থানীয় ৰাইজ উপস্থিত থাকে।