আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় চৌহদৰ ৰক্ত ভাণ্ডাৰত হেটেল লি প্লেছৰ উদ্যোগত অনুষ্ঠিত কৰা হল এক ৰক্তদান শিবিৰ।

এই ৰক্তদান শিবিৰত হোটেল লি প্লেছৰ স্বতাধিকাৰী অঞ্জন বৰাই উদ্যোগ গ্ৰহণ কৰি বিশ্বনাথ জিলা ৰক্ত ভাণ্ডাৰ সহযোগীতাত হোটেলখনৰে ২৭ জনকৈ কৰ্মচাৰীয়ে দান কৰিলে ৰক্ত।তাৰ উপৰিও জিলাখনৰ কেইবাটাও জাতীয় সংগঠনৰ নেতা কৰ্মীয়ে আজি অনুষ্ঠিত হোৱা শিবিৰৰ জৰিয়তে দান কৰে ৰক্ত। মুঠ প্ৰায় অৰ্ধ শতাধিক লোকে আজিৰ এই ৰক্ত দান শিবিৰত ৰক্ত প্ৰদান কৰে।

ইফালে বিশ্বনাথ ৰক্ত ভাণ্ডাৰত কিছু দিনৰ পৰা ৰক্তৰ অভাব ঘটি আহিছিল।যাৰ বাবে আজি হোটেল লি প্লেছে আয়োজন কৰা এই ৰক্ত দান শিবিৰৰ জৰিয়তে বিশ্বনাথ জিলা ৰক্ত ভাণ্ডাৰৰ অভাব কিছু পৰিমানে দুৰ কৰিবলৈ সক্ষম হ'ব।