শিৱসাগৰঃ "ৰূপকাৰ" নাট্যগোষ্ঠীৰ উদ্যোগত আৰু "ৰূপম কলা কেন্দ্ৰ"ৰ সহযোগত বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ২ জুলাই মঙ্গলবাৰৰ পৰা এমহীয়া এক গ্ৰীষ্মকালীন নাট্য কৰ্মশালা অনুষ্ঠিত হৈছে । উক্ত কৰ্মশালা খনি উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজ্যিক মহিলা আয়োগৰ সদস্যা বিনীতা শইকীয়া দে’ এ ৷ আনহাতে অনুষ্ঠানত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় নাট্যশিল্পী তথা শিৱসাগৰ নাট্য বিদ্যালয়ৰ অধ্যক্ষ ৰূপম বেজবৰুৱাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা পৰাণ পৰাশৰ গগৈ আৰু ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ নাট্য কলা বিভাগৰ স্নাতক যুৱ নাট্যকৰ্মী শশাংক কলিতাৰ লগতে স্থানীয় ৰাইজ, অভিভাৱক আৰু কণ-কণ ছাত্ৰ-ছাত্ৰীৰসকল। ৰূপকাৰ নাট্যগোষ্ঠীৰ পৰিচালক তথা অভিনেতা শশাংক কলিতাই জনোৱা মতে এই গ্ৰীষ্মকালীন এমহীয়া নাট্য কৰ্মশালাৰ অন্তত এখনি নাটকৰ লগতে এটি নাট্য সন্ধ্যাৰ আয়োজন কৰা হ’ব। ৰূপকাৰ নাট্য গোষ্ঠী আৰু ৰূপম কলা কেন্দ্ৰৰ এই প্ৰচেষ্টা নৱপ্ৰজন্মৰ মাজত মঞ্চ অভিনয়ৰ এক ধাৰা সৃষ্টি কৰিব আৰু এয়া আধুনিক অসমীয়া নাট্য আন্দোলনলৈ এক যুগান্তকাৰী পদক্ষেপ হ'ব বুলি ক’ব পাৰি ৷৷

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं