অল আসাম মিৰি হায়াৰ চেকেণ্ডাৰী স্কুলৰ NSS গোটৰ উদ্যোগত ৫ দিনীয়া কাৰ্যসূচীৰে চাফাই অভিযান

 ঐতিহ্যমণ্ডিত অল আসাম মিৰি হায়াৰ চেকেণ্ডেৰী স্কুলৰ NSS গোটৰ উদ্যোগত ৫ দিনীয়া কাৰ্যসূচীৰে অৰ্থাৎ ২৪ জুনৰ পৰা ২৮ জুনলৈকে চাফাই অভিযান অনুষ্ঠিত হয়৷ আজি অন্তিমটো দিনা অৰ্থাৎ ২৮ জুন তাৰিখে বিদ্যালয়ৰ NSS গোটৰ দ্বাৰা প্ৰথমটো কাৰ্যসূচী চাফাই অভিযানেৰে মাতমৰা ৰাজ্যিক চিকিৎসালয় চৌহদ, সপ্তাহিক বজাৰ গৃহ,নামঘৰ,ৰংগমঞ্চ বাকৰিত শুভাৰম্ভ হয়। এই 'চাফাই অভিযান অনুষ্ঠানটিৰ উদ্বোধন কৰে বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগুৱে। চাফাই অভিযানৰ পিছতে দিনৰ ১২ বজাত মাতমৰা লঃইদ কমপ্লেক্সত সভা অনুষ্ঠিত হয়৷ সভাখন উদ্বোধন কৰে খেৰকটা মহাবিদ্যালয় অধ্যক্ষ ললিত পেগুৱে৷ তেখেতে কয় যে সুষ্ঠ স্বাস্থ্য অধিকাৰী হ’বলৈ হ’লে আমি সদায় চাফচিকুণ হৈ থাকিব লাগিব৷নিজৰ লগতে সমাজখনকো পৰিস্কাৰ-পৰিচন্নতা কৰাত অঞ্চলত থকা অনুষ্ঠান- প্ৰতিষ্ঠানসমূহকো পৰিস্কাৰ কৰিব এখন সুন্দৰ সমাজ গঢ়িব লাগিব৷লগতে ঐতিহ্য তথা নিজ ঘৰখনৰ শৌচালয় আদি স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে৷ সংবৰ্দ্ধন আৰু ভবিষ্যত প্ৰজন্মৰ মাজত সঞ্চালনৰ প্ৰয়োজনীয়তা সম্পর্কে তেখেতে বক্তব্য দাঙি ধৰে।বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ঋতুপৰ্ণা সন্দিকৈ যে কয় বিদ্যালয়ৰ ঐতিহাসিক বিৱৰণ দাঙি ধৰাৰ লগতে ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ যোগেদি কি কি কাম কৰি সমাজক এখোজ আগুৱাই নিয়াত সহায় কৰিব পাৰি আৰু আন দহজনৰ বাবে আদৰ্শ হৈ পৰিব এই গোটৰ সদস্য সদস্যা সকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি তেখেতে বক্তব্য আগবঢ়াই৷ বিদ্যালয়ৰ NSS ৰ প্ৰায় ৫০ গৰাকী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটি আঁতধৰে বিদ্যালয়ৰ সহঃ শিক্ষক বিমান সন্দিকৈয়ে৷ বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম সহঃ শিক্ষয়িত্ৰী ৰিম্পী গগৈৰ লগতে বিদ্যালয়ৰ কেইবাগৰাকী শিক্ষক- শিক্ষয়িত্ৰী আৰু অঞ্চলৰ বহুকেইবাগৰাকী জেষ্ঠ ব্যক্তিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ সচাঁকৈ এনেধৰণৰ কাৰ্যসূচী সমূহ ৰাষ্ট্ৰনিৰ্মাণৰ বাবে , ব্যক্তিৰ সামগ্ৰীক বিকাশ তথা কৌটিকলীয় সংস্কৃতিৰ পুনঃ মূল্যায়নৰ বাবে আৱশ্যক। কাৰ্যসূচীৰ মাজে মাজে নৃত্যগীতেৰে দিনটোত জীপাল হৈ পৰে৷