ভাৰতবৰ্ষৰ ৭৫ বছৰ বৰ্ষপুৰ্তি উপলক্ষে স্বাধীনতাৰ "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি ১৩ আগষ্ট তাৰিখে যেৰহাট জিলা প্ৰশাসনে মিলেনিয়াম পাৰ্কত আয়োজন কৰা "স্বাধীনতাৰ অমৃত সন্ধিয়া"ৰ অনুষ্ঠানত জিলাখনৰ বহুকেইজন বিশিষ্ট কবি, শিল্পীয়ে দেশভক্তিমূলক কবিতা পাঠ আৰু নৃত্য, গীত পৰিবেশন কৰে।

ইয়াৰোপৰি আৰক্ষী বেণ্ডে দেশভক্তিমূলক বাদ্যযন্ত্ৰ পৰিবেশন কৰে৷উক্ত অনুষ্ঠানত ৰাজ্যসভাৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাটৰ মাননীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মাননীয় জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি আৰু বহুসংখ্যক স্থানীয় নাগৰিক উপস্থিত থাকে৷*