দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ "দৰঙী শিৰোমণি" বঁটা প্ৰদান।

চাৰিগৰাকী লোকশিল্পীলৈ এই বঁটা।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান।  

লগতে প্ৰদৰ্শন কৰা হয় আপুৰুগীয়া দৰঙী লোককৃষ্টিসমূহ।

অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সংঘৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক নীলকান্ত চহৰীয়াই।

ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে মুকলি কৰা কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানত মুখপত্ৰ"দৰঙী উন্মোচন কৰে জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই।

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ, আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মন আদি কৰি বিশিষ্ট ব্যক্তি আৰু দৰং- ওদালগুৰিৰ তিনি শতাধিক লোকশিল্পীৰ উপস্থিতিত প্ৰদান কৰা হয় "দৰঙী শিৰোমণি বঁটা"।

লোকশিল্পী কোমল চন্দ্ৰ নাথ, ঈদ্ৰিছ আলি, দুলু বড়ো , ধনমালা দেৱীলৈ আগবঢ়োৱা হয় এই বঁটা।