অতি শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কেবিনেটে অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছ। ৰাজ্য চৰকাৰৰ এই অবিবেকী আৰু স্ববিৰুধী সিদ্ধান্ত বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অহা ইং ১৭ আগষ্ট তাৰিখে ৰাজ্যজুৰি এক গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ঘোষণা কৰিছে। এই বিষয়ে অৱগত কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে জনায় যে, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত চূড়ান্ত অসমীয়া ভাষা বিৰুধী আৰু ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ ক্ৰমাগত ভাৱে নিঃশেষ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চৰকাৰৰ এই অসমীয়া ভাষা বিদ্বেষী সিদ্ধান্ত বাতিলৰ দাবী জনাই অহা ১৭ আগষ্ট তাৰিখে ৰাজ্যজুৰি এক "গণ অৱস্থান ধৰ্মঘট" কাৰ্য্যসূচী ৰূপায়ন কৰিব।

সেই মৰ্মে পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে ১৭ আগষ্ট তাৰিখে দিনৰ ১১ বজাৰ পৰা দিনৰ ২ বজালৈ জিলা আৰু মহকুমাৰ সদৰত গণ অৱস্থানৰ জৰিয়তে ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰিব। অন্যহাতে বিবৃতিটোত পৰিষদৰ নেতাদ্বয়ে কয় যে, ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত যদি কাৰ্য্যকৰী হলে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কি পৰ্য্যায়ত উপকৃত হব সেয়া বিচাৰ্যৰ বিষয় যদিও এই ব্যৱস্থাই চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিম্নগামী বা হ্ৰাস যে কৰিব সেইয়া স্পষ্ট। কাৰণ অসমীয়া মাধ্যমত তৃতীয়মান শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে দুটা বিষয় সম্পূৰ্ণ ইংৰাজী ভাষাত অধ্যয়ন কৰিবলগীয়া হোৱাত ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া আৰু ইংৰাজী দুটাকৈ ভাষাৰ বোজা বহন কৰাতকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাত গুৰুত্ব প্ৰদান কৰিব আৰু প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰাই ইংৰাজীত সকলো বিষয়ত অধ্যয়ন কৰাটো পচন্দ কৰিব।

তদুপৰি এই ব্যৱস্থাটো প্ৰৱৰ্তন হলে অসমীয়া ভাষাটোৰ প্ৰতিও কিছু সংশয় আহিব। প্ৰথমতে হিন্দী আৰু এতিয়া ইংৰাজী ভাষাৰ বোজা জাপি দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰী সকলৰ মনত স্বাভাৱিক ভাৱে অধিক ভাষাৰ বোজাত অসমীয়া ভাষাৰ প্ৰতি এটা উদাসীন মনোভাৱ সৃষ্টি কৰিব। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেতিয়াও ইংৰাজী ভাষাৰ শিক্ষাৰ বিৰোধ নকৰে। কিন্তু ইংৰাজী ভাষাত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান এই দুটা বিষয়ত শিক্ষা দিয়াৰ ফলত আওপকীয়াকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ হব পৰা অনিহা আৰু ফলশ্ৰুতিত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ হব পৰা সংকটৰ প্ৰতি যুৱ-ছাত্ৰ পৰিষদে সংশয় প্ৰকাশ কৰে। এই ব্যৱস্থা প্ৰবৰ্তন কৰিলে প্ৰকৃততে অসমত থকা চি বি এছ চি আৰু ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহ লাভান্বিত হব।

অন্যহাতে বিগত সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসমত অসমীয়া মাধ্যমত চিকিৎসা মহাবিদ্যালয় আৰু অন্য উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলা হব। সেই দৃষ্টিকোণত একেজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে চৰকাৰী খণ্ডৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজী ভাষাত শিক্ষাদান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰকৃততে স্ববিৰোধী।

ইফালে বৰ্তমান চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ শিক্ষাৰ মানদণ্ডকে ধৰি আন্তঃগাঁঠনি আদি সকলো ক্ষেত্ৰতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহতকৈ পিছ পৰা। এয়া অপ্ৰিয় হলেও সত্য। সেই বাবে সাম্প্ৰতিক সময়ত অভিভাৱক সকলে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱাৰ বাবে অধিক আগ্ৰহী হৈছে। পৰিতাপৰ বিষয় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষকৰ দৰমহাতকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ দৰমহা বহুগুণে বেছি। তেনেদৰে সম্প্ৰতি চৰকাৰে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো টেট আদি গুণগত পৰীক্ষা নিৰীক্ষাৰ অন্তত প্ৰখৰ ডিগ্ৰীধাৰী উচ্চমানদণ্ডৰ অৰ্হতা সম্পন্ন শিক্ষকক নিযুক্তি দিছে। তাৰ পিছতো কিয় ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহতকৈ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহে ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰে। প্ৰকৃততে চৰকাৰ বা শিক্ষা বিভাগে এই দিশ সমূহে পৰ্য্যালোচনা কৰা প্ৰয়োজন। চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত বৰ্তমানেও বহু বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি শিক্ষক নাই। চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা উচিত।

অন্যহাতে পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় ৰাজ্য চৰকাৰে যে, তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা দিন ধৰি চৰকাৰৰ অসমীয়া ভাষা বিদ্বেষী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হৈছে। কিন্তু পৰিতাপৰ বিষয় এই যে সৰ্বত্ৰে হোৱা প্ৰতিবাদ স্বত্বেও ৰাজ্য চৰকাৰ নিজ সিদ্ধান্তত অটল হৈ আছে। আচলতে ৰাজ্য চৰকাৰৰ এনে স্বৈৰাচ্ছাৰী মনোভাৱ অত্যন্ত দুৰ্ভাগ্যজনক। অসমীয়া ভাষাৰ বিৰুদ্ধে কৰা এনে ষড়যন্ত্ৰ কেতিয়াও সহ্য কৰা নহব বুলি দোহাৰি পলাশ চাংমায়ে কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত যিকোনো পৰ্য্যায়লৈ প্ৰতিবাদী আন্দোলন কৰি যাব।