মঙ্গলবাৰে আটাছুকে আদিকৰি কেইবাটাও জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই উপস্থিত হৈ সংবাদ মেল যোগে সদৰি কৰিছে সবিশেষ। ২৫আৰু ২৬ জুনত ৪৮ঘণ্টীয়া অ এন জিচিৰ সৰ্বাত্মক কাৰ্য্যসূচীত বন্ধৰ যি ঘোষনা কৰিছিল সেইয়া সাময়িক ভাৱে স্থগিত কৰে বুলি সংবাদ মেল যোগে জানিবলৈ দিয়ে। উল্লেখ্য যে অ এন জিচিৰ কাৰ্য্যবাহী সঞ্চালক ,জিলা প্ৰশাসন আৰু জাতীয় সংগঠনৰ সৈতে মিলিত হোৱা আলোচনাৰ পাছত অএন জিচিৰ কতৃপক্ষই জাতীয় সংগঠনৰ দাৱী সমুহ পূৰণ কৰা হ'ব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত এইকথা সদৰি কৰে। অএন জিচি ত থলুৱা নিবনুৱা নিযুক্তি যান-বাহনৰ নিবিদাকে আদি কৰি বহুকেইটা বিষয়ৰ ওপৰত বিশেষ কিছু চৰ্ত ৰাখি জাতীয় সংগঠন সমুহে দাৱী সমুহ আগত ৰাখি অএন জিচিৰ সৰ্বাত্মক বন্ধ ঘোষনা কৰিছিল। এই দাৱী সমুহ পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কতৃপক্ষৰ। সংগঠন সমুহৰ প্ৰতিবাদৰ প্ৰতি সন্মান জনাই।অৱশেষত শিৱসাগৰ জিলা আয়ুক্তৰ উপস্থিতিত অ এনজিচিৰ অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালকে এটা সিদ্ধান্ত গ্ৰহন কৰিছে যে অহা ৩০আৰু ৩১ জুলাইৰ ভিতৰত অএন জিচিৰ লঘুযান-বাহনৰ যি নিবিদা অনুষ্ঠিত হ'ব সম্পূৰ্ণ লটাৰীৰ প্ৰক্ৰিয়াৰে হ'ব। এই নিবিদাত অসমৰ প্ৰতিজন থলুৱা নিবনুৱা যুৱক যুৱতীয়ে অংশ ল'ব পাৰিব আৰু ইয়াত অভিজ্ঞতাৰ কোনো প্ৰয়োজন নাই। কিন্তু নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰা থাকিব লাগিব।এটাও কাৰ্য্যালয় শিৱসাগৰৰ পৰা স্থানান্তৰিত হোৱা নাই আৰু অনাগত দিনত নহব বুলি লিখিত প্ৰতিশ্ৰুতি।প্ৰদান কৰে।আৰু একমাহৰ ভিতৰত ৰিক্ৰুইত মেণ্টৰ কথা স্পষ্ট ভাৱে নজনালে আৰু সৰু সৰু ঠিকা বিলাক পেকেজ চিষ্টেমত কৰি পুঁজি পতি গোষ্ঠীক দিবলৈ যি ষড়যন্ত্ৰ কৰিছে তাক কাৰ্য্যকৰী নকৰিবলৈ আহ্বান জনাই। অন্যথা সৰ্বাত্মক বন্ধ কাৰ্য্যসূচী অসমৰ প্ৰতিটো সংগঠনেহাতত ল'ব বুলি সংবাদ মাধ্যম যোগে সঁকিয়াই দিয়ে।
শিৱসাগৰত অ এন জি চিৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধ কাৰ্য্যসূচী সাময়িক ভাৱে স্থগিত বুলিঘোষনা সংবাদ মেল যোগে জাতীয় সংগঠনৰ।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/06/nerity_fb3a1eefa21b18448e92b87c1aa6d86f.jpg)