জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হৈছে। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন অভিনেতাগৰাকী। ৫৮ বছৰীয়া ৰাজু শ্ৰীবাস্তৱ নতুন দিল্লীৰ এইমছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সকলোৱে কৌতুক অভিনেতাজনৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। ইফালে ছ'চিয়েল মিডিয়াত কৌতুক অভিনেতাজনৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলিছে। এই সকলোবোৰৰ মাজতে ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালে এই প্ৰতিবেদন সম্পূৰ্ণৰূপে উৰাবাতৰি বুলি অভিহিত কৰিছে।

ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামৰ পৰা এক বিবৃতি জাৰি কৰি লিখিছে 'ৰাজু শ্ৰীবাস্তৱজীৰ অৱস্থা সুস্থিৰ। উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিব। তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰি থাকিব'। 

তাৎপৰ্যপূৰ্ণভাৱে, ১০ আগষ্ট অৰ্থাৎ বুধবাৰে ৰাজু শ্ৰীবাস্তৱে পুৱা জিমত ব্যায়াম কৰি থাকোতে হঠাতে অচেতন হৈ মাটিত পৰি গৈছিল। অভিনেতাজন হঠাতে মূৰ্ছা যোৱাৰ পিছত তেওঁক ততাতৈয়াকৈ এইমছ চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত চিকিৎসকে কয় যে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছে। তেতিয়াৰ পৰাই পৰিস্থিতি উদ্বেগজনক হৈ আছিল। কিন্তু প্ৰতিবেদন অনুসৰি, ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা বৰ্তমান সুস্থিৰ।