সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ সৌজন্যত আজি ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত এপিএচচি বিও বিভাগৰ পৰীক্ষাত ৮১নং স্থান প্ৰাপ্ত কৰি গৌৰৱ কঢিয়াই অনা ৰহা ফুলগুৰি ৰ শোভাংগী ডেকা সহ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সু খ্যাতি ৰে উওিৰ্ন ৬১গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক এখন এখন কোচ ৰাজবংশী জনগোষ্ঠীয় আঁওচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।

          দিনৰ ১বজাত নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ সভাপতি পংকজ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোবা সভাত উদ্দেশ্য ব্যাখ্যা কৰে ৰহা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ ভাৰপ্ৰাপ্ত সম্পাদক বিশ্বজ্যোতি ডেকাই আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ সাংগঠনিক সম্পাদক ৰাতুল ৰাজবংশী য়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানৰ শুভাৰম্ভ কোচ ৰাজবংশী জনগোষ্ঠীৰ গীতত যুৱতী সকলে নৃত্য পৰিবেশনেৰে হয়।

    সম্বৰ্ধনা সভাত বিশিষ্ট লেখিকা তথা ৰহা সূৰ্যবতী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদিকা বিনু লস্কৰ ঠাকুৰিয়াই শোভাংগী ডেকা সহ সম্বৰ্ধিত মেধাবী ছাত্ৰ ছাত্ৰী ক শুভেচ্ছা জনাই কয় যে জীৱনত বিফলতা অবিহনে সফলতা পাব নোবাৰী।লগতে সভাত উপস্থিত ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিনোবা ৰাজবংশী,ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ ৰ প্ৰধান শিক্ষয়ত্ৰী চয়নীকা ডেকা,শিক্ষক বিপুল ৰাজখোৱাই সভা সম্বোধন কৰি মেধাবী ছাত্ৰ ছাত্ৰী ক শুভেচ্ছা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে।

     সভাত নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ মুখ্য উপদেষ্টা সুভাষ ডেকা, প্ৰতিষ্ঠাপক সভাপতি  শিৱ বৰা,উপদেষ্টা তথা ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা দিগন্ত কুমাৰ ডেকা, মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ সম্পাদক পৰেশ ডেকা,কাৰ্যকৰ্তা ধনঞ্জয় ডেকা,ৰহা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ সভাপতি দীপুমনি বৰা,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, নগাঁও জিলা জাতিয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ উপ সভাপতি হৰি প্ৰসাদ ৰাজখোৱা, ৰহা আঞ্চলিক জাতিয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ উপদেষ্টা হিমেন নাথ,সম্পাদক ৰুবুল মুদৈ সহ নগাঁও, মৰিগাঁও জিলা,ৰহা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ প্ৰতিনিধি,মেধাবী ছাত্ৰ ছাত্ৰী, অবিভাবক অবিভাবিকা সহ গনমান্য ব্যক্তি উপস্থিত থাকে।