নতুন দিল্লী, ১৩ আগষ্ট। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দেওবাৰে দেশবাসীক সম্বোধন কৰিব। ৰাষ্ট্ৰপতি ভৱনে শনিবাৰে এক বিজ্ঞপ্তিত এই তথ্য সদৰী কৰে।

ৰাষ্ট্ৰপতিৰ ভাষণ অল ইণ্ডিয়া ৰেডিঅ'ৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলত সন্ধিয়া ৭ বজাৰ পৰা সম্প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰথমে হিন্দী ভাষাত আৰু তাৰ পিছত ইংৰাজী ভাষাত সম্প্ৰচাৰ কৰা হ'ব।

প্ৰকাশিত তথ্য অনুসৰি, দূৰদৰ্শনত হিন্দী আৰু ইংৰাজী ভাষাত সম্বোধন কৰাৰ পিছত দূৰদৰ্শনৰ আঞ্চলিক চেনেলসমূহত আঞ্চলিক ভাষাত সম্প্ৰচাৰ কৰা হ'ব। অল ইণ্ডিয়া ৰেডিঅ'ই নিশা ৯.৩০ বজাত তেওঁলোকৰ নিজ নিজ আঞ্চলিক নেটৱৰ্কত আঞ্চলিক ভাষাৰ সংস্কৰণ সম্প্ৰচাৰ কৰিব।