আহমেদাবাদ, ১৩ আগষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনে শনিবাৰে "হৰ ঘৰ তিৰঙ্গা" অভিযানৰ অংশ হিচাপে গান্ধীনগৰস্থিত বাসগৃহত শিশুসকলৰ সৈতে ত্ৰিৰংগা উত্তোলন কৰে। ত্ৰিৰংগা উত্তোলন কৰাৰ পিছত তেওঁ শিশুসকলৰ মাজত ত্ৰিৰংগাও বিতৰণ কৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে আজাদী কা অমৃত মহোৎসৱক বিশেষ কৰি তুলিবলৈ "হৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ আহ্বান জনাইছে। এই অভিযানৰ অধীনত সকলো দেশবাসীক ১৩–১৫ আগষ্টলৈ প্ৰত্যেক ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে।