মঙ্গলদৈ, ১৪ জুন: দৰং জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এক বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।  

      জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ১ নং অভয়পুখুৰী আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে খান্দাজান আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় গুণগত মান্যতা নিশ্চিতকৰণৰ অধীনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ।উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত এই স্বীকৃতি লাভৰ বাবে ১ নং অভয়পুখুৰী আয়ুষ্মান আৰোগ্য মন্দিৰৰ প্ৰয়োজনীয় অন্তিম পৰ্য্যায়ৰ মূল্যায়ন সম্পন্ন হৈছিল। নেচনেল হেলথ চিষ্টেম ৰিছʼৰ্চ চেণ্টাৰৰ মূল্যায়নকাৰী দলে আহি চিকিৎসালয়খন পৰ্যবেক্ষণ কৰিছিল । স্বাস্থ্য কেন্দ্ৰটোৱে আগবঢ়োৱা সেৱা আৰু গুণগত মানৰ বাবে অন্তিম পৰ্য্যায়ৰ মূল্যায়নত ৮৬.৪৮% নম্বৰ লাভ কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

এই ৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীৰ লগতে জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, জিলা পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকলক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। উক্ত সন্মান লাভ কৰি দৰং জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী আনন্দিত হৈছে ।