শিৱসাগৰঃ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিখন অলপতে গঠন কৰা হয় ৷ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত শিৱসাগৰ জিলা সমিতিৰ সম্পাদক অভিজিৎ দাসে সন্থাৰ নিস্ক্ৰিয় হৈ থকা জিলাৰ আঞ্চলিক, মহকুমা আৰু শাখা সমিতিবোৰ পুনৰুজ্জীৱিত কৰি সন্থাক শিৱসাগৰ জিলাত মান্যতা প্ৰদান কৰিবলৈ কাৰ্য্যসূচী অব্যাহত ৰাখিছে। শিৱসাগৰ জিলাৰ নাজিৰাস্থিত মিলন মন্দিৰত ৯ জুন দেওবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় । শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আহ্বানত অনুষ্ঠিত হোৱা সভাত জিলাৰ সাধাৰণ সম্পাদক অভিজিৎ দাস, সাংগঠনিক সম্পাদক অৰিন্দম দাস আৰু অমৰজিৎ দাস উপস্থিত থাকে। নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ বহুকেইজন গণ্যমান্য ব্যক্তিকে আদি কৰি বহু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত দিগন্ত দাসক সভাপতি, প্ৰণৱ দাসক উপ-সভাপতি, বিপিন দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া পূৰ্ণাংগ নাজিৰা মহকুমা সমিতিখন গঠন কৰা হয়। শিৱসাগৰ জিলা সমিতিয়ে নৱ নিৰ্বাচিত মহকুমা সমিতিখনে অনাগত দিনবোৰ শক্তিশালী ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে॥