বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাসে ৰহা সমষ্টিৰ বিভিন্ন বানপীডিত ৰাইজ ৰ মাজত উপস্থিত হৈ খা খবৰ লোবাৰ লগতে বান সাহাৰ্য প্ৰদান কৰি অহা ৰ ক্ৰমত আজি নগাঁও জিলা ৰ ৰহা সমষ্টিৰ চাপৰমুখ গৰুবাট মণ্ডল ৰ অন্তৰ্গত বগলাজান,আটিগাঁও সহ কেইবাটাও প্ৰান্তৰ পথ ত টেন্ট লগাই থকা বানবীডিত সকলৰ মাজত উপস্থিত হৈ খা খবৰ লোবাৰ লগতে ব্যক্তিগত প্ৰচেষ্টাত দুই শতাধিক বানপীডিত ৰাইজৰ মাজত দালী,চয়াবীন,মমবাতী,মিঠাতেল,চাবোন,মহৰ ধুপ সহ দৈনিক জীৱনত ব্যবহৃত সামগ্ৰী বিতৰন কৰে।ৰাইজৰ বিপদৰ সময়ত ড° অসীম কুমাৰ দাসে সহায় আগবঢ়োৱা ৰ বাবে ৰাইজে প্ৰশংসা কৰিছে।

        যোবা দুই তিনি দিনৰ আগতেও ড° অসীম কুমাৰ দাসে বৰকলাত বানপীডিত ৰাইজৰ বান সাহাৰ্য প্ৰদান কৰিছিল।

      আজি বগলাজানত বান সাহাৰ্য প্ৰদান ত ড° অসীম কুমাৰ দাস ৰ লগতে চাপৰমুখ গৰুবাট মণ্ডল ৰ সম্পাদক মনোজ বৰা, জিলা এছ টি মৰ্চাৰ উপ সভাপতি বকুল দেউৰী, চাপৰমুখ গৰুবাট এচ চি মৰ্চাৰ সভাপতি ভাস্কৰ দাস, ৰহা বাৰহপূজীয়া মণ্ডল এচ চি মৰ্চাৰ সভাপতি জিতুমনি দাস,যুব কৰ্মী গুনমনি হীৰা সহ শতাধিক বানপীডিত ৰাইজ উপস্থিত থাকে।