শিখ সকলৰ পঞ্চম গুৰু গুৰু অৰ্জন দেৱজীৰ শ্বহীদি দিৱস উপলক্ষে আজি চাপৰমুখ শিখ যুব সংস্থা ৰ উদ্যোগত চাপৰমুখত ৰহাৰ পৰা চাপৰমুখ,চাপৰমুখৰ পৰা ৰহালৈ অহা যাত্ৰী সকলৰ মাজত চৰ্বত বিতৰন কৰে।

     চাপৰমুখ শিখ যুব সংস্থা ৰ চৰদাৰ আজমিৰ সিং য়ে জানিব দিয়ে যে গুৰু অৰ্জন দেৱজীৰ শ্বহীদি  দিৱস উপলক্ষে আজি আৰু কালি চৰ্বত বিতৰন কৰাৰ লগতে চাপৰমুখ সিং গাঁও স্থিত গুৰুদ্বাৰা মাতাজীত শ্বহীদি দিৱস উপলক্ষে সোমবাৰে কাৰ্য্যসূচী অনুষ্ঠিত হব।

      চৰ্বত বিতৰনত জ্যেষ্ঠ নাগৰিক চৰদাৰ মহিন্দ্ৰ সিং,চাপৰমুখ শিখ যুব সংস্থা ৰ সভাপতি সৰদাৰ আজমীৰ সিং,সম্পাদক জছপাল সিং সহ চাপৰমুখ গুৰুদ্বাৰা মাতাজী প্ৰবন্ধক কমিটি,চাপৰমুখ যুব সংস্থা ৰ প্ৰতিনিধি,সদস্য সদস্যা উপস্থিত থাকে।