মঙলদৈ,৭ জুন::গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান( Rural Self Employment Training Institute, Darrang) চমুকৈ আৰছেটি দৰং ৰ ১নং বেজপাৰা স্হিত নিজা প্ৰশিক্ষণ কেন্দ্ৰত যোৱা ৬ মে'ৰ পৰা আৰম্ভ হোৱা বিনামূলীয়া ৩০ দিনীয়া 'মহিলাৰ চিলাই'(Women's Tailor) প্ৰশিক্ষণৰ আজি সামৰণি পৰে।।দৰঙৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ‌ প্ৰধান পৰিচালক উত্তম শইকীয়া সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছা প্ৰদানেৰে ভবিষ্যত উপযোগী পৰামৰ্শ আগবঢ়ায় । প্ৰধান পৰিচালক গৰাকীয়ে তেওঁৰ ভাষণত কয় যে প্ৰশিক্ষণ সমাপ্তিৰ অন্তত আৰ্জিত জ্ঞান আৰু অভিজ্ঞতাৰে স্বনিয়োজনৰ বাবে হাতে কামে প্ৰচেষ্টা অব্যাহত ৰাখিলে ফলাফল লাভ কৰিব পাৰি।‌আনহাতে চৰকাৰী বিভিন্ন আচঁনিৰ সুফল লাভ কৰিবলৈ প্ৰশিক্ষাৰ্থী বা নউদ্যমী জন মানসিক দৃঢ়তাৰে পৰিস্থিতিৰ সৈতে খোজ মিলাই যাবলৈ প্ৰস্তুত থাকিবলৈ সক্ষম হ'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে।‌ আৰছেটিৰ সঞ্চালক বিজয় শৰ্মাই প্ৰশিক্ষাৰ্থী সকলৰ সৰ্বাংগীন বিকাশৰ হেতু স্বনিয়োজনৰ ক্ষেত্ৰত আৰছেটিৰ ভুমিকা সম্পৰ্কে অৱগত কৰে। অনুষ্ঠানটিত আৰছেটিৰ প্ৰশিক্ষক ও অন্যান্য কৰ্মচাৰী বৃন্দ উপস্থিত থাকে। উল্লেখযোগ্য যে জিলাখনৰ ভিন্ন প্ৰান্তৰ ৩৩ গৰাকী মহিলা যুৱতীয়ে উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰি উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। এমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীত "মহিলাৰ চিলাইৰ " পাৰদৰ্শী ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ডমেইন স্কীল ট্ৰেইনাৰ বন্দনা চহৰীয়াই।‌

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

(Local News )