ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মান ক্ষীপ্ৰতাৰে কৰাৰ দাৱী, সাতদিনৰ সময় সীমা অসমীয়া যুৱ মঞ্চৰ।শুকুৰবাৰে অসমীয়া যুৱ মঞ্চই আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ।উল্লেখনীয় যে অসম মালাৰ অধীনত ঐতিহাসিক ধোদৰ আলি নিৰ্মান হ'ব সমান্তৰালকৈ চামগুৰিৰ পৰা নামতিলৈ নিৰ্মানত থকা এই পথ ছোৱা ঠিকাদাৰৰ গাফিলতি আৰু বিভাগীয় কতৃপক্ষৰ গাফিলতিৰ বাবে জীয়াতু ভুগিব লগা হৈছে সাধাৰণ জনতাই ।অসমীয়া যুৱ মঞ্চই অতি শীঘ্ৰে যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাৱী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্য মন্ত্ৰীলৈ। অন্যথা পথ অৱৰোধৰ দৰৃে কাৰ্য্যসূচী।হাতত ল'ব বুলিকয় সংগঠনটোৱে।
ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মান ক্ষীপ্ৰতাৰে কৰাৰ দাবীত অসমীয়া যুৱ মঞ্চৰ স্মাৰক পত্ৰ আমগুৰি ৰাজহ চক্ৰ বিষয়াক।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/06/nerity_0db2671ff8a07f412c57406c7cc0ab04.jpg)