আজি বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই "ঘৰে ঘৰে জাতীয় পতাকা" কাৰ্যসূচীৰ অংশ হিচাপে বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত কেইবাজনো জ্যেষ্ঠ ব্যক্তি,স্বাধীনতা সংগ্ৰামত জড়িত লোক তথা কেইবাজনো অৱসৰ প্ৰাপ্ত শিক্ষা গুৰুৰ ঘৰে ঘৰে গৈ তেখেত সকলৰ লগত ভাৱ বিনিময় কৰি তেখেতসকলৰ পৰা আশীৰ্বাদ বিচৰাৰ লগতে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই তেওঁলোকক একোখনকৈ গামোচা আৰু জাতীয় পতাকাৰ প্ৰতীকৰ সৈতে সম্বৰ্ধনা জ্ঞাপন কৰে।সমবৰ্ধিত ব্যক্তি সকলৰ ভিতৰত শ্ৰীযুত তিলক চন্দ্ৰ শৰ্মা,শ্ৰীযুত নগেন বৰুৱা,শ্ৰীযুত শংকৰ প্ৰসাদ গুপ্ত,শ্ৰীযুত মেহেঙা চটনামী,শ্ৰীযুত তৃণয়ন বৰা,শ্ৰীযুত ডম্বৰু ছেত্ৰী,শ্ৰীযুত নিৰদাকান্ত বৰুৱা,শ্ৰীযুত অৱনী কুমাৰ দাস,শ্ৰীযুত সুৰজিত দাস,শ্ৰীযুত ৰাজেশ বুলন।
বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ "ঘৰে ঘৰে জাতীয় পতাকা" কাৰ্যসূচীৰ অংশ গ্ৰহণ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_7fbb009632c2a241c8cb47c4045053b2.jpg)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)