আজিৰ খবৰ, গুৱাহাটী, ২২ জুলাই, ২০২২ : মহানগৰীৰ ধাৰাপুৰ ছাত্র সন্থাৰ উদ্যোগত আজি ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত এইবেলি ২০২২ বৰ্ষত অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা-বিজ্ঞান আৰু বাণিজ্য শাখাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ ৩৮ গৰাকী কৃতী ছাত্র-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক "বিশেষ অভিনন্দন অনুষ্ঠান''ৰ আয়োজন কৰা হয়। ধাৰাপুৰ ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অভিজিৎ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে ধাৰাপুৰ ছাত্র সন্থাৰ সদস্যা সকলে এটি সমবেত সংগীত পৰিবেশন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে । বিশেষ অভিনন্দন অনুষ্ঠানটোত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩৮ গৰাকী ছাত্র-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ উপৰি সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত চাৰি গৰাকী ছাত্র-ছাত্ৰী ক্ৰমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান প্ৰাপ্ত অনুসূয়া ঠাকুৰীয়া, কলা শাখাৰ শ্ৰুতি কলিতা, বিজ্ঞান শাখাৰ ফায়াজ আজিজ, বাণিজ্য শাখাৰ ইৰফান হকক ধাৰাপুৰ ছাত্র সন্থাৰ তৰফৰ পৰা বিগত বর্ষ সমূহৰ দৰে এইবেলিও প্ৰয়াত কৃতী শিক্ষক-শিক্ষয়িত্ৰী বাণীকান্ত কাকতি আৰু সত্যৱতী কাকতি সোঁৱৰণি "শৈক্ষিক বঁটা" প্ৰদান কৰে প্ৰয়াত কাকতিদ্বয়ৰ সুযোগ্য সন্তান পৰাগ কাকতি আৰু সত্যৱতী কাকতিৰ ভগ্নী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জোৎস্না দাসে। তদুপৰি একেটা অনুষ্ঠানতে বৃহত্তৰ সদ্য অৱসৰপ্ৰাপ্ত ছয়গৰাকী শিক্ষক ক্ৰমে ভাৰপ্ৰাপ্ত অধ্যক্ষ বসন্ত শৰ্মা, পুলিন শৰ্মা, কৰুণা কলিতা আৰু হৰেন দাসৰ লগতে আন দুগৰাকী অনাশিক্ষক কৰ্মচাৰী ক্ৰমে শান্তিৰাম কলিতা আৰু ৰাধিকা কলিতাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, ধাৰাপুৰ ছাত্ৰ সন্থাৰ উদ্যোগত এইবেলি অনুষ্ঠিত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম তিনিগৰাকী বিজয়ী প্ৰতিযোগী ক্ৰমে 'ক' শাখাৰ কৌস্তভমণি দাস (গড়ল), কুনাল বৈশ্য (ধাৰাপুৰ) আৰু জোনমণী মেধি (গড়ল) সেইদৰে 'খ' শাখাৰ এনী কাশ্যপ (নাৰেংগী), মৰিয়ম চুলতানা (হাটখোৱাপাৰা) আৰু হিয়া কাশ্যপ (নাৰেংগী) তথা 'গ' শাখাৰ ভায়েলিনা দাস (ভট্টাপাৰা), কিমি দাস (আজাৰা) আৰু ৰূপশ্ৰী বৈশ্য (ধাৰাপুৰ)ক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। লগতে বিনামূলীয়া পাঠদান কাৰ্যসূচীত শিক্ষাদান আগবঢ়োৱা শিক্ষক-শিক্ষয়িত্ৰী সকলকো সম্বৰ্ধনা জনোৱা হয়। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ কোষাধ্যক্ষ নিতু ৰাজবংশীয়ে আঁতধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী মনোৰমা শৰ্মাৰ লগতে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাণা শৰ্মা, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল শৰ্মা, কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি নাথ, উপদেষ্টা অলকেশ ধাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ, পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি জিণ্টুমণি শৰ্মা, সাধাৰণ সম্পাদক ডিম্পল মেধিৰ লগতে বহুকেইজন ছাত্ৰ নেতা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেশৰ প্ৰতিভা আৰু প্ৰচাৰ কৰিব লাগিব: মোদী
নতুন দিল্লী, ১৫ আগষ্ট। আজি স্বাধীনতা দিৱস। আজিৰ দিনটোতেই অৰ্থাৎ ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত দেশে...
Kejriwal Tihar Jail: Chief Minister's residence पर हलचल तेज, Sunita Kejriwal बनेंगी Delhi की CM?
Kejriwal Tihar Jail: Chief Minister's residence पर हलचल तेज, Sunita Kejriwal बनेंगी Delhi की CM?
BJP's Nitin Gadkari quitting politics? Here's what Modi's minister said
Gadkari's recent remarks were being seen as an indication that the Nagpur strongman with close...
Maharashtra Cabinet Expansion: Delhi आए फडणवीस, शिंदे-अजित मांग रहे विभाग उन पर BJP का मंथन
Maharashtra Cabinet Expansion: Delhi आए फडणवीस, शिंदे-अजित मांग रहे विभाग उन पर BJP का मंथन
Oil & Gas sector: क्या तेल उत्पादन के बिना दुनिया चल सकती है? (BBC Hindi)
Oil & Gas sector: क्या तेल उत्पादन के बिना दुनिया चल सकती है? (BBC Hindi)