শিৱসাগৰঃ শিৱসাগৰ আদৰ্শ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি চিকিৎসালয়খনৰ চৌহদত গছপুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়ণৰ পাছতেই মেলেৰিয়া প্ৰতিৰোধী মাহৰ শিৱসাগৰ জিলা ভিত্তিত শুভাৰম্ভণি কৰা হয়। গোটেই মাহজুৰি সকলো বাহকজনিত ৰোগৰ সজাগতা সৃষ্টিৰ বাবে গাঁৱে গাঁৱে বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ উপৰিও আঠুৱা ঔষধিকৰণ, মহৰ উৎপত্তিৰ উৎসসমূহ নিৰ্মূলকৰণ, জ্বৰ হোৱা লোকৰ তেজ পৰীক্ষা বৃদ্ধি কৰা আদি কাৰ্য্যসূচীসমূহ সক্ৰিয়ভাৱে ৰূপায়ণ কৰি থকা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে ৷ উক্ত শুভাৰম্ভণি অনুষ্ঠানত সংহত ৰোগ নিৰীক্ষণ কাৰ্য্যক্রমৰ জিলা ৰোগ নিৰীক্ষক বিষয়া ডাঃ গায়ত্ৰী সেনাপতি, উদ্ আয়ুষ্মান আৰোগ্য মন্দিৰৰ ডাঃ দিপামণি শইকীয়া, Epidomolojist,ময়ুৰী বৈশ্য, ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ consultant ডেইজী কোঁৱৰ, সংহত ৰোগ নিৰীক্ষণ কাৰ্য্যক্রমৰ মুনমুন বৰদলৈ, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন আৰু জিলা মেলেৰিয়া বিষয়া আদিৰ লগতে এ এন এম জি এন এম সকল উপস্থিত থাকে ।৷