শিৱসাগৰঃ  আজি ০৫ জুন সমূহ প্ৰকৃতিপ্ৰেমী ৰাইজলৈ 'বিশ্ব পৰিৱেশ দিৱস’ৰ শুভেচ্ছা জনাই শিৱসাগৰৰ সাংস্কৃতিক আৰু সামাজিক সংস্থা "দৃশ্যপট, শিৱসাগৰ"ৰ উদ্যোগত এটি গছপুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ "দৃশ্যপট, শিৱসাগৰ" এ আয়োজন কৰা গছপুলি ৰোপণ কাৰ্য্যসূচীত অনুষ্ঠানটিৰ সভাপতি তথা জ্যেষ্ঠ নাট্যকৰ্মী ড° মণি পাঠকে এটি সাৱলীল বক্তৃতা প্ৰদান কৰাৰ লগতে অসম নাট্য সন্মিলন, শিৱসাগৰ শাখাৰ সভাপতি অনঙ্গ মোহন শৰ্মা সহ শিৱসাগৰৰ বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আৰু আমোলাপট্টিস্থিত শঙ্কৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্যকে প্ৰমুখ্য কৰি শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সমন্বয়ত তথা ৰাজহংস ক্লাব শিৱসাগৰৰ সদস্যৰ উপস্থিতিয়ে গছপুলি ৰোপণৰ দৰে এটি মহৎ কাৰ্য্য সূচাৰুৰূপে সম্পন্ন কৰাৰ উপৰিও এই গছপুলিসমূহৰ প্ৰতিপালনৰ বাবে বিশেষ ব্যৱস্থাও গ্ৰহণ কৰা হয় । আনহাতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক কৰ্ম অভিজ্ঞতা বিষয়ত অন্তৰ্গত কৰি প্ৰতিপালন কৰিবলৈও অনুৰোধ কৰা হৈছে ।যাতে এই গছপুলি কেইটাই বৃক্ষৰ ৰূপ পায় । শিৱসাগৰ মেলাচকৰস্থিত "দৃশ্যপট, শিৱসাগৰ"ৰ কাৰ্য্যালয়ৰ চৌহদত আৰু শিৱসাগৰ চহৰৰ কিছু অঞ্চলত গছপুলি সফলতাৰে ৰোপণ কৰা হয় ৷ উল্লেখযোগ্য যে, দৃশ্যপট, শিৱসাগৰৰ আহ্বায়ক, উদীয়মান নাট্যকৰ্মী অভিনৱ দেৱ কাশ্যপে উক্ত অনুষ্ঠানৰ জৰিয়তে সমাজৰ কিছু সংখ্যক সচেতন ব্যক্তিক একোটাকৈ উৎকৃষ্ট মানৰ গছ আৰু কলৰ পুলি বিতৰণ কৰে।৷

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं