সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ৭৬ সংখ্যক স্বাধীনতা দিৱসক লৈ এক উখল্-মাখল্ পৰিবেশ বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰা অনুসৰি আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগাৰ বাবেই ব্যাপক আয়োজন চলিছে। ৰাজ্যৰ চৌ দিশে এতিয়া কেৱল ৰাষ্ট্ৰীয় পতাকাৰ লৈ সমদল, ৰেলী ইত্যাদি।

ইয়াৰ সমান্তৰালভাবে বিশ্বনাথতো আজাদী কা অমৃত মহোৎসৱ অংশ হৰ ঘৰ ত্ৰিৰংগাৰ সফল ৰূপায়ন কৰিবলৈ চৰকাৰী বিভাগ,আৰক্ষী বিভাগ,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে স্বতঃস্ফুত ভাবে ওলাই সজাগতা সৃষ্টিত হাত উজান দিছে।আজি বিশ্বনাথ জিলা কাৰাগাৰ চৌহদত দেখা পোৱা গল এক ব্যতিক্ৰমী দৃশ্য।কাৰাগাৰৰ হাজোতীৰ হাতত প্ৰাণ পাই উঠিছে অশোক স্তম্ভ আৰু জেলৰ প্ৰতীক চিহ্ন।আজি জেল কৰ্তৃপক্ষৰ দ্বাৰা প্ৰতীক চিহ্নৰ উন্মোচন কৰা হয়।সাধাৰণতে হাজোতী বুলি কলেই মনলৈ আহে অপৰাধীৰ কথা। কিন্তু বিশ্বনাথ জিলা কাৰাগাৰত দেখা গ'ল ওলোটা দৃশ্য। প্ৰায় তিনিটা মাহ ধৰি বাস কৰা বিশ্বনাথ কাৰাগাৰত পদূম মগৰ নামৰ এজন হাজোতীয়ে নিৰ্মাণ কৰিছে এই প্ৰতীক চিহ্ন । পদুম মগৰে লো,বালি আৰু চিমেন্টেৰে দেশৰ অশোকস্তম্ভ তথা কাৰাগাৰৰ প্ৰতিক চিহ্ন নিৰ্মাণ কৰি ৰাইজক চমৎকৃত কৰি তুলিছে।

আজি জেল কৰ্তৃপক্ষই এই অশোক স্তম্ভই শুভ উদ্ধোধন কৰাৰ পিছত এতিয়া জিলা কাৰাগাৰ চৌহদত এই অশোক স্তম্ভ প্ৰত্যক্ষ কৰিবলৈ বিভিন্ন জনৰ সোঁ‌ত ববলৈ আৰম্ভ কৰিছে।কাৰাগাৰ কৰ্তৃপক্ষই এগৰাকী সুপ্ত প্ৰতিভা বিকাশ কৰা সুবিধা প্ৰদান কৰাৰ বাবে কাৰাগাৰৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰিছে।