স্বাধীনতাৰ ৭৫ সংখ্যক দিৱস উদযাপনত উখল-মাখল দেশ।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহু উদযাপন সূচী ঘোষণা কৰিছে।চাৰিওফালে ত্ৰিৰংগাৰ ৰঙে চানি ধৰিছে।বন্দে মাতৰম ধ্বনিয়ে মুখৰিত কৰিছে আকাশ।শিৱসাগৰ ই-ৰিক্সা সন্থা উদ্যোগত শিৱসাগৰ নগৰৰ মাজ মজিয়া দি এক বৃহৎ ৰেলী বাহিৰ কৰে।শিৱসাগৰ দৰবাৰ খেল পথাৰ পৰা শিৱসাগৰ ধাই আলি হৈ যমুনা ৰোড হৈ শিৱসাগৰ নগৰৰ 

মাজ মজিয়া দি এক বৃহৎ ৰেলী বাহিৰ কৰে।এই অনুষ্ঠানত আৰম্ভণিতে বিভিন্ন লোকৰ ভাষণ প্ৰদান কৰা পাছত এই ৰেলী বাহিৰ কৰে।এই অনুষ্ঠানতে শিৱসাগৰ ঐক্য সেনা অসমৰ সভাপতি ফৰিদ ইছলাম হাজৰিকা, ই-ৰিক্সা সন্থা সভাপতি সম্পাদক কে আদি কৰি বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে।