শিৱসাগৰঃ শিৱসাগৰত উচ্চ তাপমাত্ৰাৰ কাৰণে জিলা প্ৰশাসনে শিক্ষা অনুষ্ঠানসমূহৰ পাঠদানৰ সময় সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যোৱা কিছুদিন ধৰি শিৱসাগৰ জিলাত ধাৰাবাহিকভাৱে হৈ থকা উচ্চ তাপমাত্ৰাৰ পৰিপ্ৰেক্ষিতত আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উৎকট গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱে এক নিৰ্দেশ যোগে অহা ১ জুন, ২০২৪ ৰ পৰা বিদ্যালয়ৰ পাঠদানৰ সময় সংশোধন কৰিছে ৷ এই সংশোধিত সময় অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা ১১-৩০ বজালৈ চলিব ৷ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা দিনৰ ১২-১৫ বজালৈ আৰু উচ্চ বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা দিনৰ ১ বজালৈ চলিব ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই আদেশ বলৱৎ থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে ৷ আনহাতে জিলা প্ৰশাসনৰ এই সিদ্ধান্তক "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতি"ৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈয়ে সংবাদ মাধ্যমৰ যোগেদি আদৰণি জনাইছে ৷