শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক নিৰ্দেশ অনুসৰি পূব মধ্য বংগোপসাগৰত বিকশিত হোৱা ঘূৰ্ণীবতাহ 'ৰেমল'ৰ বাবে ৰাষ্ট্ৰীয় বুলেটিন নং ১৪ (বি.ও.বি./01/2024) জাৰি কৰা হৈছে। যিহেতু *ৰেমল* উত্তৰদিশে আগবাঢ়ি যোৱাৰ লগে লগে, ই সমগ্ৰ অসম ৰাজ্যৰ লগতে শিৱসাগৰ জিলালৈ প্ৰবল বতাহ আৰু ধাৰাষাৰ বৰষুণ আনিব বুলি ধাৰণা কৰা হৈছে। সেয়েহে আই.এম.ডি.-ৰ দ্বাৰা সতৰ্কবাণী জাৰি কৰাৰ লগতে জীৱন আৰু সম্পত্তিৰ সম্ভাৱ্য ক্ষতি প্ৰতিহত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা অনুসৰি শিৱসাগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আইন, ২০০৫ ৰ ধাৰা ২৬(৩)ৰ অধীনত নিম্ন উল্লেখিত বাধাসমূহ আৰোপ কৰা হৈছে ৷

 1. শিৱসাগৰ জিলাৰ অধীনত থকা ফেৰী সেৱা পৰিচালনা কৰা সকলো বিভাগ আৰু ব্যক্তিগত নাও/জাহাজ ২৭ মে’ ২০২৪ ৰ পৰা ২৮ মে ২০২৪ লৈ স্থগিত ৰাখিব লাগিব। অৱশ্যে এই নিলম্বনত অত্যাৱশ্যকীয় সেৱা, সাহায্য আৰু উদ্ধাৰ অভিযান অন্তৰ্ভুিত নহয়। 2. এই সময়ছোৱাত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপ-নদীসমূহত মাছ ধৰা কাৰ্য্যকলাপ সম্পূৰ্ণ নিষিদ্ধ । 3. এই সময়ছোৱাত জিলাখনৰ সকলো নদী আৰু অন্যান্য জলাশয়ত সাঁতোৰ কাৰ্য্য নিষিদ্ধ । 4. কৃষকসকলক এই সময়ছোৱাত ক্ষেত্ৰ পৰ্য্যায়ৰ কৃষি কাৰ্য্যকলাপ, গৰু চৰোৱা কাৰ্য্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷