খুমটাইলৈ যাঁও বলক- শীৰ্ষক কাৰ্যসূচীৰে খুমটাইত আজাদী কা অমৃত মহোৎসৱৰ আয়োজন

কাৰ ৰেলী, চাইকেল ৰেলী আদিৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

বিধায়ক মৃণাল শইকীয়াৰ গ্ৰাম্য পৰ্যটন উদ্যোগৰ উত্তৰণৰ বাবে অভিনৱ প্ৰচেষ্টা

 

গ্ৰামাঞ্চলক পৰ্যটন উদ্যোগলৈ পৰিবৰ্তন কৰাৰ স্বাৰ্থত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই সময়ে সময়ে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈ আহিছে । খুমটাই সমষ্টিৰ প্ৰতিটো অঞ্চল পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে বিধায়ক গৰাকী অহোপুৰুষাৰ্থ কৰি আহিছে। ২০১৭ চনত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত পক্ষী উৎসৱ, ২০১৮ চনত মেলামৰা ইক'টি টুৰিজিম চেণ্টাৰত বৃক্ষ উৎসৱ আয়োজন কৰাৰ পাছত এইবাৰ পুণৰ মেলামৰা ইক'টি টুৰিজিম চেণ্টাৰত আয়োজন কৰিছে ডেষ্টিনেশ্বন খুমটাই শীৰ্ষক এক অভিনৱ কাৰ্যসূচী। বিধায়ক গৰাকীৰ প্ৰচেষ্টাত আৰু ADIAN‌ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত অহা ১৪ আগষ্টত অনুষ্ঠিত হ'ব লগা এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে www.destinationkhumtai.com নামেৰে এটা ৱেবছাইট মুকলি কৰিছে । আজি বিধায়ক মৃণাল শইকীয়াই এক সংবাদমেল সম্বোধন কৰি কয় যে, ডেষ্টিনেশ্বন খুমটাই অনুষ্ঠানটি এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজন কৰাৰ প্ৰয়াস কৰা হৈছে। স্বাধীনতাৰ ৭৫ বছৰৰ এই গৌৰৱোজ্জল মূহুৰ্তত খুমটাইৰ গ্ৰাম্য সমাজৰ জীৱন শৈলী , গ্ৰাম্য প্ৰাকৃতিক পৰিৱেশৰ লগতে খুমটাইত স্থাপন হোৱা গ্ৰাম্য পৰ্যটন এলেকা সমূহক সাঙুৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই অনুষ্ঠানত কাৰ ৰেলী চাইকেল ৰেলী , ডবা খেল, স্পীডকিউব, বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা, সৰাপাত বোটলা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাৰ অন্তত বিয়লি ৪ বজাত খুমটাইৰ ৰং শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে। এই খুমটাই ৰং কাৰ্যসূচীত খুমটাইৰ থলুৱাভাৱে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী, সা-সজুলি প্ৰদৰ্শনৰ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।