মৰাণত মন্ত্ৰী।বিমল বড়াৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয় এক অগতানুগতিক অনুষ্ঠান। বিশিষ্ট লেখক, চিন্তাবিদ, প্ৰেৰণা উদ্দীপক শিৱ খেৰাই প্ৰায় ১০ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত প্ৰেৰণা মূলক বক্তব্য ৰাখে মৰাণৰ মৰাণ বানিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সাহস আৰু প্ৰত্যয়ভৰা এদিন শীৰ্ষক অনুষ্ঠানত। 

মন্ত্রী বিমল বড়াৰ পৃষ্ঠপোষকতাত স্বেচ্ছাসেৱী ন্যাস 'Growth from Grassroots' ৰ উদ্যোগত, আৰু টিংখাং বিধান সভা সমষ্টিৰ বিধায়কৰ শিক্ষা উপদেষ্টা সমিতিৰ সহযোগত মৰাণ বানিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হয় “সাহস আৰু প্ৰত্যয় ভৰা এদিন" শীৰ্ষক মননশীল অনুষ্ঠান 

 মুখ্য বক্তা হিচাপে উপস্থিত থাকেআন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন লেখক চিন্তাবিদ আৰু motivational speaker Shiv Khera. প্ৰায় ডেৰ ঘন্টা জোৰা নিজৰ বক্তব্যত শিৱ খেৰাই নিজৰ সন্তানক কেনে ধৰণৰ শিক্ষা দিয়াৰ প্ৰয়োজন, কেৱল সফলতা লাভ কৰিলেই নহ'ব - চৰিত্ৰ নিৰ্মাণ অৰ্থাৎ Character Building ৰ ওপৰত জোৰ দিব লাগিব বুলি কয়। জীৱনৰ যুদ্ধত পৰাজয় স্বীকাৰ নকৰাজনেই সফলতা লাভ কৰে বুলি কয়। 

উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উৎসুক আৰু অনুসন্ধিৎসু মনৰ ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শিক্ষা ক্ষেত্ৰ খনৰ বিশাল সম্ভাৱনাৰ সম্পৰ্কে অৱলোকন কৰি পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ বাবে শিৱ খেৰাই ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী বিমল বৰাক। ভবিষ্যতে এই ধৰণৰ অনুষ্ঠান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি শিৱ খেৰাই কয় - প্ৰয়োজন হ'লে মই এটকাও নোলোৱাকৈ অনুষ্ঠান কৰিম।

আনহাতে বহু অপেক্ষাৰে আজিৰ এই অনুষ্ঠানটোৰ বাবে বাট চাই থকা শিক্ষাৰ্থী সকলে ব্যক্ত কৰিলে নিজৰ অনুভৱ। 

অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী আৰু আন এখন অসমীয়া প্ৰেৰণা উদ্দীপক  ৰঞ্জন কে বৰুৱাই কিছু প্ৰেৰণা মূলক বক্তব্য ৰাখে। মন্ত্ৰী যোগেন মহন, বিধায়ক চক্ৰ গগৈিকে ধৰি মৰাণ ৰাজ্যৰ সমাজ জীৱনৰ বিভিন্ন কৰ্ম ক্ষেত্ৰত জড়িত বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।