পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বেলগুৰী বনাঞ্চলত মৃত অৱস্থাত এটা বনৰীয়া হাতী উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

শনিবাৰে ৰাতিপুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে মাইকী বনৰীয়া হাতীটোৰ মৃতদেহ। তিনিদিনমান পূৰ্বেই চোৰাং চিকাৰীয়ে বনৰীয়া হাতীটোক গুলীয়াই হত্যা কৰি শুঁ‌ৰ, মাংস কাটি লৈ যোৱাৰ দৃশ্য স্পষ্ট হৈ আছে।

মেঘালয় আৰু অসমৰ বন বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।