ৰহাচকীত সতী জয়মতী স্মৃতি চাৰন দিৱস উদযাপন সমিতিৰ উদ্যোগত আৰু ৰহা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা ৰ সহযোগত যোবা ১১মেৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা সতী জয়মতী স্মৃতি চাৰন দিৱস উদযাপন ৰ ৰ প্ৰথম দিন ১১মেত বন্তি প্ৰজ্বলন, পতাকা উওোলন, স্মৃতি তৰ্পন আৰু খেল উদ্বোধন কৰাৰ হয়।

       দিৱস ৰ দ্বিতীয় দিন ১২মেত পূবা ৬বজাৰ পৰা খেল ধেমালি অনুষ্ঠান অনুষ্ঠিত হয়।

      সতী জয়মতী স্মৃতি চাৰন দিৱস উদযাপনৰ ৩য় তথা অন্তিম দিন ২৬মেত পুবা ৮বজাত চিত্ৰাংকন প্ৰতিযোগিতা, বেল চন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোবাৰ লগতে বিয়লী ১বজাৰ পৰা অবসৰ প্ৰাপ্ত শিক্ষক কীৰ্তি  বৰাৰ সভাপতিত্বত অনুষ্ঠিত হব লগা মুকলি সভাত নিদিষ্ট বক্তা ৰুপে ৰহা মহাবিদ্যালয় ৰ প্ৰবক্তা লক্ষী প্ৰসাদ মেদক, নিদিষ্ট অতিথি ৰূপে সদৌ অসম তাই আহোম ছাত্ৰ সন্থা ৰ সভাপতি বসন্ত গগৈ,আমন্ত্ৰিত অতিথি ৰূপে সদৌ অসম তাই আহোম ছাত্ৰ সন্থা ৰ উপ সভাপতি ৰিংকু বৰা,সদৌ অসম তিৱা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি উপস্থিত থকাৰ লগতে বিয়লী ৩বজাত স্থানীয় শিশু সকলৰ দ্বাৰা একাংকিকা নাট সতী জয়মতী মঞ্চস্থ কৰাৰ লগতে নিশা ৮বজাত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৰামধেনু ৰ উদ্বোধন কৰিব ডুগডুগী স্বতাধিকাৰী তথা সমাজকৰ্মী উৎপল বনিয়াই।

      ৰহা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা ৰ সভাপতি ৰুপক বৰা,সম্পাদক অমৰজ্যোতি গগৈ আৰু সতী জয়মতী স্মৃতি চাৰন উদযাপন সমিতি ৰ সভানেত্ৰী বন্দনা গগৈ আৰু সম্পাদক মানস জ্যোতি বৰগোহাই জানিব দিয়ে।