মৰাণত চাহবাগিছাৰ কাম এৰি দেখা গ'ল , মৰাণ চাহ মজদুৰ সংঘৰ এলেকাধীনৰ মৰাণৰ হিংৰিজান , খোৱাং লগতে বামুণবাৰী চাহ বাগিছাত শ শ চাহ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য বিচাৰি তীব্ৰ উত্তেজনাই সৃষ্টি কৰা প্ৰতিবাদ |
বাগিছাত দৈনন্দিন কাম-কাজ বৰ্জন কৰি , হাতত প্লেকাৰ্ড লৈ চাগিছাৰ কতৃপক্ষৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী , শ্ৰম বিভাগৰ মন্ত্ৰী , বিভাগীয় নেতৃত্বক বিৰুদ্ধে শ্লোগান দি ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হ'ল শতাধিক শ্ৰমিকৰ |
এই প্ৰতিবাদতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ , শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ লগতে বিভাগীয় বিষয়াৰ পুত্তলিকা দাহ কৰিবলৈ লওঁতে মৰাণৰ হিংৰিজান চাহ বাগিছাত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষী টনা-আজোৰা কৰি লৈ যায় পুত্তলিকা - অসম আৰক্ষীয়ে |
এই প্ৰতিবাদৰ উদ্দেশ্য হৈছে -
আজি অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে এন্দ্ৰউল চাহ কোম্পানীৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত দা-দৰমহা, ৰেচন , চিকিৎসা সেৱা , ভৱিষ্যনিধি , গ্ৰেছুইটী আদায় নিদিয়া আৰু শ্ৰম আইন বলবৎ নকৰা দাবীত এইদৰে প্ৰতিবাদ কৰা লগতে দিনযোৰা কাৰ্য্যসূচীয়ে চাহ বাগিছা বন্ধ ঘোষণা |