শিৱসাগৰঃ  শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত স্বৰ্গদেউ ৰূদ্ৰসিংহ ক্ৰীয়া খেলপথাৰত আজি সত্ৰ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ পৌৰহিত্যত সদ্যসমাপ্ত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচন পৰ্য্যালোচনা সভা  অনুষ্ঠিত হয় ৷ অগপৰ কেন্দ্ৰীয় সম্পাদক দিগন্ত কোঁৱৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত যোৰহাট, নাজিৰা, মাহমৰা, মাজুলী, শিৱসাগৰ, সোণাৰি, টীয়ক, ডিমৌ আদি সমষ্টিৰ পৰা প্ৰতিনিধি উপস্থিত থাকি সদ্যসমাপ্ত যোৰহাট লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত দলীয় সাংগঠনিক মতামত দাঙি ধৰে ৷ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা আজিৰ এই পৰ্য্যালোচনা সভাত অগপ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিদ্বয় তুলসী গগৈ আৰু পুতুল বৰুৱা, বিধায়কদ্বয় প্ৰদীপ হাজৰিকা আৰু ভৱেন ভড়ালী, শিৱসাগৰ সমষ্টি সমিতিৰ সভাপতি বিপুল কটকী, অগপৰ জিলা সম্পাদক ৰুবুল বৰা সহ অৰ্ধশতাধিক প্ৰতিনিধি উপস্থিত থাকে ৷ ৷