শিৱসাগৰঃ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱ বাণী অনুষ্ঠানত অহা ২০ মে' তাৰিখে সন্ধিয়া ৭:২০ বজাত প্ৰচাৰিত হ'ব শিৱসাগৰৰ উদীয়মান নাট্যকাৰ অভিনৱ দেৱ কাশ্যপৰ অনাতাঁৰ নাটক "ভগৱান"। এই নাটকখন নিবেদন কৰিব শিৱসাগৰৰ নৱগঠিত নাট্য গোষ্ঠী "দৃশ্যপট, শিৱসাগৰ"এ ৷ উল্লেখযোগ্য যে, "ভগৱান" শীৰ্ষক নাটখন যোৱা ৭ মে' তাৰিখে পৰিচালক মধুস্মিতা দেৱীৰ পৰিচালনাত বাণীবদ্ধ কৰিলে 'দৃশ্যপট, শিৱসাগৰৰ' যুৱ অভিনেতা-অভিনেত্ৰীসকলে। 'ভগৱান' নাটকখনৰ মূল বিষয় বস্তুৱে মনস্পৰ্শ কৰিবলৈ "দৃশ্যপট, শিৱসাগৰ’'ৰ সকলো যুৱ অভিনেতা আৰু অভিনেত্ৰীৰ কণ্ঠস্বৰ, কণ্ঠসঞ্চালন, শব্দ প্ৰক্ষেপণৰ লগতে স্বপ্নালী শৰ্মা ভট্টাচাৰ্য্যৰ আৱহ সংগীতে নাটখনক অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছে ৷  এই নাটকখন প্ৰযোজনা কৰিছে জিন্তু চেতিয়াই আনহাতে বিশেষভাৱে সহায়-সহযোগিতা আগবঢ়ালে বিশিষ্ট নাট্যকৰ্মী ড° মণি পাঠকে ।  নাটখনিত সাম্প্ৰতিক কালত ৰোগাক্ৰান্ত ৰোগীৰ আৰোগ্যৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি ৰোগীৰ মুখত হাঁহি বিৰিঙাই থকা এজন মানৱদৰদী চিকিৎসকক নিৰ্মমভাৱে প্ৰহাৰ কৰি এচাম উশৃংখল যুৱকে আৰু মৃত্যু মুখলৈ ঠেলি দিয়ে । লগতে সমাজৰ এচাম যুৱক-যুৱতীয়ে নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা আগবঢ়াই দেশ আৰু জাতীৰ উত্তৰণ ঘটাইছে, আৰু আন এচামে উশৃংখল হৈ নিজৰ জীৱন আৰু পিতৃ-মাতৃৰ সকলো সপোন, আশা, ভৰশা নিশেষ কৰি সমাজখন কলুষিত কৰিছে । তেনে কিছু সত্য ঘটনাৰ ওপৰতে আধাৰিত উদীয়মান নাট্যকাৰ অভিনৱ দেৱ কাশ্যপৰ এই নাটকখন ৷ প্ৰথমবাৰৰ বাবে নাটক ৰচনাৰ প্ৰয়াস কৰা অভিনৱ দেৱ কাশ্যপে লগতে জানিবলৈ দিয়ে যে, নাটকেই এনে এক গণমাধ্যম যিয়ে সমাজৰ প্ৰতিটো সৰু বৰ জলন্ত সমস্যা নাট্যৰূপেৰে ৰাইজৰ আগত দাঙি ধৰে আৰু ৰাইজৰ মনত এক চিন্তাৰ খুৰাক জন্মায়। এই নাটকখনত অভিনয় কৰা নাট্যযোদ্ধাসকল হ'ল-- হিমাংশু ভাগৱতী, শ্যামল ৰাজগুৰু, অভিনৱ গগৈ, ৰিয়াশ্ৰী শৰ্মা, দেৱাশীষ বৰা, দেৱ কুমাৰ শৰ্মা, মানৱ প্ৰতীম বড়া‌, কংকনা বেজবৰুৱা আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনৱ দেৱ কাশ্যপে । অহা ২০ মে' তাৰিখে সন্ধিয়া ৭-২০ বজাত শ্ৰোতাসকলে মিডিয়াম ৱেভৰ ৫২৯.১ মি, কিলোহাৰ্টজ ৫৬৭ , এফ এমৰ ১০১.৩ মেগাহাৰ্টজ, ডি আৰ এমৰ ৫৫৮ কিলোহাৰ্টজ আৰু নিউজ অন এ আই আৰ এপত শুনিব পাৰিব । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এই প্ৰচেষ্টা যুৱ চামৰ মাজত নাট্যচৰ্চা আৰু আধুনিক অসমীয়া নাট্য আন্দোলনলৈ এক যুগান্তকাৰী পদক্ষেপ বুলি জ্যেষ্ঠ নাট্য সংগঠকসকলে অনুভৱ কৰিছে ৷ আনফালে শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী” এ উদীয়মান নাট্যকাৰগৰাকীক শুভকামনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷৷