স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এটা দিন বাকী। আজিৰেপৰা ঘৰে ঘৰে উত্তোলন কৰা হৈছে জাতীয় পতাকা। ইফালে প্ৰভাত ফেৰীৰ জৰিয়তে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সকলোৱে এতিয়া স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিছে। বাদ পৰা নাই শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকল।
জাতীয় সাজপাৰ পৰিধান কৰি আজি চফ্ৰাই ৰঙাপথাৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে প্ৰভাত ফেৰীত। বিদ্যালয় খনৰ অধ্যক্ষ কুমুদ দিহিঙ্গীয়াৰ নেতৃত্বত আজি পুৱাই বাহিৰ কৰা প্ৰভাত ফেৰী কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
 
  
  
   
  
   
   
   
  