ৰহাত ১৯৬৬চনত স্থাপিত চৰকাৰী খণ্ড ৰ বিদ্যালয় ৰহা পণ্ডিত গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এশ শতাংশ হৈ গৌৰৱ কঢিয়াই আনে।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

    বিদ্যালয় ৰ পৰা মেট্ৰিক পৰীকত ১৫ গৰাকী ছাত্ৰ ছাত্ৰী অবতীৰ্ণ হৈছিল আৰু ১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে উওিৰ্ন হৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছিল।

    ১৫গৰাকী ছাত্ৰ ছাত্ৰী ৰ ভিতৰত ২জনে প্ৰথম বিভাগত, ১২জনে দ্বিতীয় বিভাগত আৰু ১জনে ৩য় বিভাগত উওিৰ্ন হৈছিল।

     সেইয়ে আজি বিদ্যালয় ত দিনৰ ১১বজাৰ পৰা বিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষা কল্পনা বৰুৱা ৰ সভাপতিত্বত আৰু বিদ্যালয় ৰ প্ৰধান শিক্ষয়ত্ৰী অনু প্ৰভা কোঁৱৰ সিংহাই আঁত ধৰা বিশেষ অভিনন্দন অনুষ্ঠান ত বিদ্যালয় ৰ প্ৰাক্তন শিক্ষক কীৰ্তি বৰা, প্ৰাক্তন প্ৰধান শিক্ষক দীন বৰা,প্ৰাক্তন শিক্ষক দীপক ডেকা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,বিজয়া গগৈ, প্ৰাক্তন জ্যেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মা,শিক্ষক জিতুমনি বৰদলৈ উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক সম্বোধন কৰে উৎসাহ বৰ্ধন কৰাৰ লগতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সু খ্যাতিৰে উওিৰ্ন হোবা মেধাবী ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয় ৰ ফালৰ পৰা এটা এটা ফুলাম গামোচা,গ্ৰন্থ, কলম আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি অভিনন্দন জনাই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰথম বিভাগত উওিৰ্ন হোবা দুগৰাকী ছাত্ৰক প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা আৰু প্ৰাক্তন অধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মাই নগদ ১হেজাৰ কৈ টকা আৰু গ্ৰন্থ প্ৰদান কৰি অভিনন্দন জনোবাৰ লগতে প্ৰাক্তন জ্যেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা আৰু প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈয়ে মেধাবী ছাত্ৰ ছাত্ৰীক এখন এখন গ্ৰন্থ আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে লগতে ৰহা পণ্ডিত গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন ছাত্ৰ তথা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৫টা বিষয়ত লেটাৰ মাৰ্ক্স লৈ

প্ৰথম বিভাগত উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা ৰাকেশ দেউৰী সহ কেইবাগৰাকীও মেধাবী ছাত্ৰক অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়।লগতে বিদ্যালয় ৰ ফলাফল এশ শতাংশ হোবাৰ বাবে বিদ্যালয় ৰ সমূহ শিক্ষক, শিক্ষয়ত্ৰী আৰু কৰ্মচাৰী ক এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

অভিনন্দন অনুষ্ঠানত বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সকলে গীত নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।

       অভিনন্দন অনুষ্ঠান ত বিদ্যালয় ৰ প্ৰাক্তন আৰু বৰ্তমান ৰ শিক্ষক, শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী সহ গনমান্য ব্যক্তি উপস্থিত থাকে।