শুকুৰবাৰে এক গাম্ভীৰ্য পূৰ্ণ কাৰ্য্যসূচীৰে শিৱসাগৰ নগৰ স্থিত শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত শিৱসাগৰ জিলাৰ সাংবাদিক সন্থাৰ আতিথ্যত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপিত কৰাহয় । প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত বিশিষ্ট সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাক প্ৰদান কৰাহয় ব্ৰক্ষ্মপুত্ৰ উপত্যকা সাংবাদিক বটাঁ। পতাকা উত্তোলন।, স্মৃতি তৰ্পণ, বন্তি প্ৰজূলনৰ পাছত অনুষ্ঠিত হয় মুকলি সভা ।মুকলি সভাত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সচিব প্ৰধান চাবানায়কৰ চিলভা কুমাৰ স্বামী মুখ্য অতিথি হিচাপে , শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধক্ষ্য ড°সৌমাৰ জ্যোতি মহন্ত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে।