মৰাণ লাচিত নগৰৰ নিবাসী, বিশিষ্ট বিজ্ঞানী, অধ্যাপক তথা অসম পেট্র’কেমিলছৰ অৱসৰপ্ৰাপ্ত কার্যবাহী সঞ্চালক, বিশিষ্ট সমাজকর্মী ড° মহেন্দ্ৰ বৰগোহাঞিৰ মৃত্যুত শোকৰ ছাঁ । হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লোৱাৰ পিছত আজি নশ্বৰ দেহ মৰাণৰ নিজা বাসগৃহলৈ লৈ অনা হয় । অসম পেট্ৰ'কেমিকেলছত দীর্ঘদিন ধৰি কাৰ্যবাহী সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰা ব্যক্তিজনে ১৯৯৯ চনত অৱসৰ গ্ৰহণ কৰে । ছাত্র অৱস্থাৰে পৰা কাব্যচৰ্চা আৰম্ভ কৰা ড° বৰগোহাঞিৰ প্ৰকাশিত কবিতা পুথি হৈছে 'হিয়াৰ হাৰ' । বিভিন্ন শৈক্ষিক, সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত আছিল ড° বৰগোহাঞি । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভগ্নী বুলবুল গগৈ বৰগোহাঞিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ড° বৰগোহাঞি । মৃত্যুৰ সময়ত বিশিষ্ট বিজ্ঞানীজনে পৰিয়ালত দুজন পুত্র আৰু দুই কন্যাক এৰি থৈ গৈছে । ড° বৰগোহাঞিৰ মৃত্যুৰ পিছতে তেঁওৰ বাসগৃহত উপস্থিত হৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MINI Countryman Shadow Edition भारत में लॉन्च, 49 लाख रुपये है शुरुआती कीमत
BMW MINI ने भारत में कंट्रीमैन कूपर S JCW इंस्पायर्ड हैचबैक पर आधारित शैडो एडिशन लॉन्च किया है।...
Mumbai Murder: मनोज साने ने सरस्वती की हत्या करने के बाद ली थी तस्वीरें, बदबू छुपाने को अपनाया था ये हथकंडा
Mumbai Live in Partner Murder Case मुंबई के 'लिव-इन पार्टनर' मर्डर केस में कई नए खुलासे हुए...
बिल्केश्वर महादेव घूमने गए 11 बच्चे फंसे,सुबह तक चला रेस्क्यू
बिल्केश्वर महादेव घूमने गए 11 बच्चे फंसे,सुबह तक चला रेस्क्यू
एसडीआरएफ और गेंडोली पुलिस ने...
মাজুলী আৰু যোৰহাট সংযোগী দলংত উপষ্ঠিত হৈ কি ক'লে লুৰিনজ্যোতি গগৈয়ে??
মাজুলী আৰু যোৰহাট সংযোগী দলংত উপষ্ঠিত হৈ কি ক'লে লুৰিনজ্যোতি গগৈয়ে??
5 દિવસ ઠંડુગાર રહેશે નલિયામાં રેકોર્ડબ્રેક 1.4 માઉન્ટ માયનસ 6 ડિગ્રી થરાદ પંથકમાં પણ બરફના થર જાન્યા
ગુજરાત આગામી 5 દિવસ ઠંડુગાર રહેશે ગુજરાતમાં હાડ થીજવતી ઠંડી પડી રહી છે . ત્યારે હવામાન વિભાગના...