ৰহাচকি জুনিয়ৰ টেনিছ ক্লাবৰ উদ্যোগত যোৱা তিনি দিন ধৰি চলি থকা ক্ৰিকেট খেলত ১৪টা দলে অংশ গ্ৰহন কৰাৰ লগতে ৰহাচকি জুনিয়ৰ টেনিছ ক্লাব আৰু খাইগড ক্লাব চূড়ান্ত খেলত অবতীৰ্ন হয়।
আজিৰ চূড়ান্ত খেল খাইগড আৰু ৰহাচকি ক্লাবৰ মাজত অনুষ্ঠিত হয়।
চূড়ান্ত খেলত খাইগড ক্লাব প্ৰথম বেটিং কৰি ১০ অভাৰত ৯৪ ৰান কৰি ৰহাচকি দলক ৯৫ৰনৰ টাৰ্গেট বান্ধি দিয়ে।
ৰহাচকি ক্লাবে টাৰ্গেট ৰান সম্পূৰ্ণ কৰি বিজয়ী হয়।
চূড়ান্ত খেলত ৰহাচকি জুনিয়ৰ টেনিছ ক্লাব প্ৰথম বিজয়ী আৰু খাইগড ক্লাব দ্বিতীয় বিজয়ী দলৰ ৰুপে পুৰস্কৃত কৰাৰ লগতে কমল লোচন বনিয়াই মেন অব দা মেচ আৰু জিন্টু কলিতা মেন অব দা চিৰিজৰ খিতাব অৰ্জন কৰে।
কংকন বৰুৱাই আঁত ধৰা চূড়ান্ত খেলত প্ৰাক্তন শিক্ষক কীৰ্তি বৰা,ৰহা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা ৰ সভাপতি ৰুপক বৰা,অকনিৰ কবিতা ঘৰ অসমৰ প্ৰধান পৰিচালক অবনি কুমাৰ শইকিয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ সহ স্থানিয় পুৰুষ মহিলা যুবক যুৱতী আৰু গনমান্য ব্যক্তি উপস্থিত থাকি খেল উপভোগ কৰে।