খ্যাতি সম্পন্ন মানৱতাবাদী।লেখক সাহিত্য অকাডেমী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জ্ঞানপীঠ বঁটাপ্ৰাপক প্ৰথম গৰাকী অসমীয়া ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবাৰ্ষিকী উদ্‌যাপন সমিতিয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। বুধবাৰে এই কাৰ্য্যসূচী সমাপন হয়। এই অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড°চন্দন শৰ্মা।উল্লেখযোগ্য যে জিলাখনৰ প্ৰায় অৰ্ধশতাধিক গণ্যমান্য ব্যক্তিৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু ৰংপুৰ সাহিত্য সভাৰ সভাপতিকে ধৰি জিলা সাহিত্য সভাৰ বহু কেইগৰাকী বিষয় সচিব উপস্থিত থাকে।