শিৱসাগৰত জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদযাপন। # শিৱসাগৰ জিলাৰ কৈৱত্ত দলনীত 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু ৰাজসংহ ক্লাব সহযোগত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱ । জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আয়োজিত এই মহোৎসৱত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ, Tele Law সম্পৰ্কে সজাগতা সভা আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰত ব্যতিক্ৰমী ৰূপত দেখা গ'ল শিৱসাগৰৰ সন্তান অতিৰিক্ত আৰক্ষী অধীক্ষক ডা° দেৱজিৎ নাথক বন্দুক এৰি হাতত ষ্টেটিছস্কোপ লৈ ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা । শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব সাগৰিকা বৰপুজাৰী, অধিবক্তা গণিতা ফুকনসহ কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থকা যুৱ মহোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰলৈ শিৱসাগৰ জিলা আৰক্ষী বিভাগৰ লগতে জিলা স্বাস্থ্য বিভাগ, ৰাজসংহ ক্লাব আৰু কৈৱত্ত দলনী যুৱ সংঘই সহযোগিতা আগবঢ়াই ।