এগৰাকী বনকৰা কিশোৰীৰ মৃত্যুৰ তদন্তত গাফিলতি কৰাৰ অভিযোগত দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয়ক তাতক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আজি মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে কিশোৰীগৰাকীৰ ঢেকিয়াজুলিস্থিত বাসগৃহত উপস্থিত হৈ ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰে।
উল্লেখ্য যে যোৱা ১১ জুনত ধূলা নিবাসী কৃষ্ণ কমল বৰাৰ বাসগৃহত ১৩ বছৰীয়া কিশোৰীগৰাকীৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল।
 
  
  
  
   
   
  