ৰহাৰ হাৰিয়ামুখ মুছলমান গাঁওত বৰ্ষ ২০২২ত শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰ বিকাশৰ উদ্দেশ্য গাঁওৰ হিন্দু আৰু মুছলমান যুবক সকলে ৰেইনব ক্লাব নামৰ এটি ক্লাব গঠন কৰি প্ৰত্যেক দেওবাৰে অঞ্চলৰ যুবক যুৱতীক শিক্ষা প্ৰদান কৰাৰ লগতে বিভিন্ন কাৰ্য্যসূচী হাতত লোবাৰ সমান্তৰালকৈ ভাতৃত্ববোধৰ পৰিচয় দি ঈদ আৰু ৰঙালী বিহু উপলক্ষে এখন আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে পূবা ক্লাবৰ সম্পাদক প্ৰাঞ্জল দাসে পতাকা উওোলন আৰু দেবেন দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে কলং নদীৰ বাকৰিৰ পৰা উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰাৰ উদ্বোধন গাঁও প্ৰধান তথা শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে উদ্বোধন কৰাৰ পাছত বাহিৰ হোবা শুভাযাত্ৰা বিভিন্ন প্ৰান্ত পৰিভ্ৰমন কৰি সমস্ত ক্ষেত্ৰ বিহু গীত নৃত্য আৰু জিকিৰৰে মুখৰিত কৰি তুলে।

সাংস্কৃতিক সম্পাদক পৰশমনি দাসে আঁত ধৰা  সাংস্কৃতিক শুভাযাত্ৰাত সভাপতি মহম্মদ ইমানুল হুছেইন সহ অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি আৰু পুৰুষ মহিলা যুবক যুৱতী উপস্থিত থাকে।