দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে দেশজুৰি পালন কৰিবলগীয়া 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল ৰূপায়নৰ বাবে ডিব্ৰুগড় চহৰত শুক্ৰবাৰে ঘৰে ঘৰে জাতীয় পতাকা বিতৰণ কৰিলে ডিব্ৰুগড় পৌৰসভাৰ উপ-পৌৰপতি উজ্জ্বল ফুকনে।

'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি ডিব্ৰুগড় পৌৰসভাৰ উপ-পৌৰপতি উজ্জ্বল ফুকনৰ উদ্যোগত আৰু মাৰোৱাৰী সন্মিলনৰ সহযোগত পৌৰসভাৰ চাফাই কৰ্মীসকলৰ আৱাসিক অঞ্চলত ঘৰে ঘৰে জাতীয় পতাকা বিতৰণ কৰি সজাগতা সৃষ্টি কৰা হয়৷

এই জাতীয় পতাকা বিতৰণৰ কাৰ্যসূচীত ডিব্ৰুগড় পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য বিজু লখিমী হাজৰিকা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া গৌতম প্ৰিয়ম মহন্ত , সহঃ অভিযন্তা ৰাজু ৰাজকোঁৱৰ, ৰাজ্যিক নগৰীয়া জীৱিকা মিছনৰ বিষয়াসকল আৰু মাৰোৱাৰী সন্মিলনৰ বিষয়ববীয়া সকলৰ উপস্থিতিত এই কাৰ্যসূচী সুচাৰুৰূপে সমাপন কৰা হয়।