বোকাখাতত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ দাবীৰ সমৰ্থনত আৰম্ভ কৰিছে স্বাক্ষৰ অভিযান।

উল্লেখযোগ্য যে যোৱা ৬ আগষ্ট, ২০২২ তাৰিখে গুৱাহাটী শিক্ষক ভৱনত অনুষ্ঠিত "কৰ্ম পৰিষদ" সভা যোগে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰ প্ৰস্তাৱ গ্ৰহণ কৰে। 

"কৰ্ম পৰিষদ" সভাত গ্ৰহণ কৰা দাবীৰ প্ৰস্তাৱ সমূহ হ'ল :-

    ১) পুৰনি পেঞ্চন নীতি বাহাল ৰখা।

     ২) সকলো প্ৰকাৰৰ ঠিকা ভিতিক শিক্ষকক নিয়মীয়া কৰা।

    ৩) ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত থকা শিক্ষক বিৰোধী সকলো দফা প্ৰত্যাহাৰ কৰা।

   ৪) দেশৰ সকলো ৰাজ্যত সপ্তম দৰমহা বিধি প্ৰয়োগ কৰা।

৫) বিধিমতে প্ৰাপ্য আদায় দিয়া । 

৬) শিক্ষাত ব্যক্তিগত ৰাজহুৱা অংশীদাৰীত্ব আঁচনি প্ৰয়োগ বন্ধ কৰা।

    এই দাবী সমূহ কাৰ্যকৰী কৰাৰ সমৰ্থনত আজি পৰা স্বাক্ষৰ অভিযান চলাই শিক্ষক / শিক্ষয়িত্ৰী সকলৰ স্বাক্ষৰ গ্ৰহণ কৰি আছে বুলি বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সম্মিলনীৰ সাধাৰণ সম্পাদক ৰাজু বাহাদুৰ ছেত্ৰীয়ে জনাইছে।