১০এপ্ৰিল ২০০৩ ত স্থাপিত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২২তম্ প্ৰতিষ্ঠা দিৱস আজি এদিনীয়া কাৰ্য্যসূচীৰে ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে পালন কৰাৰ লগতে শতায়ু গৰকা ধৰ্মপ্ৰান মহিলা মালতী মুদৈ ৰাজখোৱা ক সম্বৰ্ধনা জনোৱা হয়।

     প্ৰতিষ্ঠা দিৱস উপলক্ষে পূবা ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত ৰহা শাখা অধ্যক্ষা তথা সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞা ৰ দ্বাৰা পতাকা উওোলন, কাৰ্যকৰী সভাপতি যতীন্দ্ৰ কুমাৰ পাৰৈ ৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু উপ সভাপতি ভৱেন চন্দ্ৰ দাসৰ দ্বাৰা শাখা প্ৰয়াত সদস্য সকলৰ ছবিৰ সন্মুখত স্মৃতি তৰ্পন কৰাৰ লগতে সকলো সদস্য শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰি দিনযোৰা কাৰ্যসূচী ৰ শুভাৰম্ভ কৰাৰ লগতে ৰহা খাইগড নিবাসী তথা শতায়ু গৰকা ধৰ্ম প্ৰান মহিলা মালতী মুদৈ ৰাজখোৱা ক এখন ফুলাম গামোচা,চেলেং,সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।

     লগতে প্ৰতিষ্ঠা দিৱস ৰ লগত সংগতি ৰাখি ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত তথা নগাঁও অন্ধত্ব নিবাৰনৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।

    শিবিৰত চিকিৎসকৰ দ্বাৰা ১৭২জন ব্যক্তিৰ চকু পৰীক্ষা কৰি পৰামৰ্শ দিয়াৰ লগতে ১৭২জন ৰ ভিতৰত ৮২জনৰ চকুত চানী ধৰা পৰে আৰু আগন্তুক ১৮,১৯ আৰু ২০ এপ্ৰিলত লায়ন্চ ক্লাব আই হস্পিটেল ত বিনামূলীয়া অস্ত্ৰোপচাৰ ৰ ব্যবস্থা কৰা হৈছে।

     এই উপলক্ষে ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ভদ্ৰকান্ত নাথে জ্যেষ্ঠ নাগৰিকৰ বাবে চৰকাৰী সোতৰ দফীয়া নীতিৰ বিষয়ে অবগত কৰাৰ লগতে ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি মনোৰমা ভুঞা আৰু সম্পাদক বিনোৱা ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,বিজয়া গগৈ,জ্যেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা, ৰহা শাখাৰ কাৰ্য্যনিৰ্বাহক সদস্য মাধব চন্দ্ৰ নাথ,ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা নিলাক্ষী কাকতি সহ ৰহা শাখাৰ সদস্য সদস্যা আৰু শতাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে।

    লগতে ৰহা শাখাৰ সম্পাদক বিনোৱা ৰাজবংশীয়ে জানিব দিয়ে যে ৰাজ্যৰ ২৬খন জিলাৰ ৩৪৫শাখাই অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।