১০ফেব্ৰবাৰী ১৯৮৮ত স্থাপিত ব্যক্তিগত খণ্ড ৰ বিদ্যালয় ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ ৩৭তম্ প্ৰতিষ্ঠা দিৱস ৰ লগত সংগতি ৰাখি বঁটা বিতৰন আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আৰু কন কন শিশু সকলে গীত নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।

          এই উপলক্ষে পূবা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গোলাপ নাথৰ দ্বাৰা উদ্বোধন আৰু উপ সভাপতি মহেশ্বৰ দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত বাৰ্ষিক পৰীক্ষা ত উচ্চ নম্বৰ প্ৰাপ্ত তথা বিদ্যালয় ৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখাবলৈ সক্ষম হোবা শ্ৰেণী নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীৰ ৫০জন ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয় ৰ প্ৰধান শিক্ষয়ত্ৰী চয়নীকা ডেকা সহ অতিথি সকলে এখন এখন ফুলাম গামোচা,গ্ৰন্থ প্ৰদান কৰি পুৰস্কৃত কৰাৰ লগতে শব্দ সৌৰভ বঁটা ৰ বাবে নিৰ্বাচিত হৈ ৰহালৈ গৌৰৱ কঢিয়াই অনা সাংবাদিক চয়েল খেতান ক এখন জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।

       বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গোলাপ নাথৰ সভাপতিত্বত তথা  বিদ্যালয় ৰ জ্যেষ্ঠ শিক্ষয়ত্ৰী গীতা বৰাই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা সতেন্দ্ৰ তালুকদাৰ,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মা, জ্যেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ উপস্থিত থাকি সম্বোধন কৰাৰ লগতে বিদ্যালয় ৰ কন কন শিশু সকলে বিহু নৃত্য, আধুনিক নৃত্য সহ বিভিন্ন গীত, নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰাৰ লগতে মুখৰিত কৰি তুলে।

     অনুষ্ঠানত নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপদেষ্টা মৃদুল হাজৰিকা, অকনিৰ কবিতা ঘৰ ৰ প্ৰধান পৰিচালক অবনী কুমাৰ শইকিয়া, প্ৰধান সম্পাদক ৰন্টু মুদৈ, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতি সহ বিদ্যালয় ৰ শিক্ষক, শিক্ষয়ত্ৰী শতাধিক ছাত্ৰ ছাত্ৰী, অবিভাবক অবিভাবিকা উপস্থিত থাকে।