চাপৰমুখ সিং গাঁওত ১৮২০চনত স্থাপিত উওৰ পূৰ্বাঞ্চলৰ দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও নবম গুৰু টেগবাহাদুৰজীৰ ৪০৩তম্ জন্মোৎসব (প্ৰকাশ উৎসব)১১দিনীয়া ধৰ্মীয় কাৰ্য্যসূচীৰে অহাকালিৰ পৰা শুভাৰম্ভ হব।

          প্ৰকাশ উৎসৱ সূচাৰু পৰিচালনাৰ বাবে সৰদাৰ ৰাজবীৰ সিংহ ক সভাপতি, সৰদাৰ পবিন্দ্ৰ সিংহক সাধাৰন সম্পাদক হিচাপে লৈ এখন শক্তিশালী ৪০৩ তম্ প্ৰকাশ উৎসৱ উদযাপন সমিতি গঠন কৰাৰ লগতে ইতিমধ্যে প্ৰস্ততি প্ৰায় সম্পূৰ্ণ কৰা হৈছে।

     উদযপন সমিতিয়ে জানিব দিয়া অনুসৰি অহাকালি অৰ্থাৎ ৮এপ্ৰিলৰ পূবা ৭বজাত আশা দীবাৰ কীৰ্তন আৰু ৯বজাৰ পৰা পবিত্ৰ গুৰু গ্ৰন্থ চাহিবৰ অখণ্ড পাঠেৰে ১১দিনীয়া প্ৰকাশ উৎসৱ ৰ শুভাৰম্ভ কৰাৰ লগতে ৭টি অখণ্ড পবিত্ৰ পাঠ ১৮এপ্ৰিললৈএকাধিক্ৰমে আৰু অবিৰত ভাবে চলি থাকিব।

      ১৭এপ্ৰিলত দিনৰ ১২বজাত গুৰু কা লংগৰ ৰ পাচত দিনৰ ১বজাত নগৰ কীৰ্তন,ধৰ্মীয় শুভাযাত্ৰা গুৰুদ্বাৰা মাতাজীৰ পৰা বাহিৰ হব আৰু চাপৰমুখ অঞ্চল ভ্ৰমন কৰাৰ পাছত মাতাজীত সমাপন হব।

   ১৮এপ্ৰিলত পূবা ৯ বজাত ৮এপ্ৰিলৰ পৰা অবিৰত ভাবে চলি থকা পবিত্ৰ অখণ্ড পাঠৰ ৬তম্ আৰু ৭তম্ পাঠৰ সমাপ্তি হোবাৰ পাছত ১০.৩০বজাৰ পৰা দিৱান,ধৰ্মীয় সভা অনুষ্ঠিত হব।ধৰ্মীয় সভাত আমন্ত্ৰিত জ্ঞানী জেঠাদাৰৰ দ্বাৰা চবদ কীৰ্তন ও ধৰ্মীয় চৰ্চা লগতে বিশিষ্ট অতিথি বক্তব্য প্ৰদান কৰিব।

    দুপৰিয়া ১.৩০বজাত গুৰু কা লংগৰ আৰু মাতাজী গুৰুদ্বাৰা পৰিসৰত বন্তি প্ৰজ্বলনেৰে প্ৰকাশ উৎসৱ ৰ সমাপন কৰা হব।